স্বাধীনতা দিৱস; বিশেষভাৱে সক্ষম শিশুক খাদ্য সামগ্ৰী, কাপোৰ প্ৰদান ‘সতীৰ্থ ৯৭’ৰ

দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কালি অৰ্থাৎ ১৫ আগষ্টৰ দিনা শিৱসাগৰত ‘সতীৰ্থ ৯৭’ নামৰ অনুষ্ঠানটোৱে এক ব্যতিক্ৰম কাৰ্যসূচীৰে কৌমুদালয়ৰ বিশেষ ভাৱে সক্ষম শিশুসকলৰ লগত স্বাধীনতা দিৱস উদযাপন কৰে।

উল্লেখযোগ্য যে সতীৰ্থ ৯৭ নামৰ অনুষ্ঠানটোৱে বুধবাৰে শিৱসাগৰ চহৰৰ সমীপৰ ৰংঘৰ চাৰি আলিত থকা কৌমুদালয় নামৰ বিশেষ ভাৱে সক্ষম শিশুৰ আশ্ৰয় গৃহত উপস্থিত হৈ শিশুসকলৰ লগত পতকা উত্তোলন কৰে।

ইয়াৰ পিছতে শিশু সকলৰ মাজত ফল মূল মিঠাই, মৰ্টন, চকলেট, ব্ৰনভিটা, কিতাপ বহী, পেঞ্চিল,ৰবৰ, ৰং পেঞ্চিল আদি সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰতি গৰাকী শিশুক একোটাকৈ স্পৰ্টিং উপহাৰ হিচাপে প্ৰদান কৰে।

আনহাতে পতাকা উত্তোলনৰ সময়ত কৌমুদালয়ৰ এই বিশেষভাৱে সক্ষম শিশু সকলে গোৱা ৰাষ্ট্ৰীয় সংগীতটোৱে উপস্থিত সকলোৰে মন মোহে। তাৰোপৰি বন্দে মাতৰম গীতৰ তালে তালে এই বিশেষভাৱে সক্ষম শিশুসকলে এটি সুন্দৰ নৃত্য অনুষ্ঠানো পৰিৱেশন কৰে।

ইয়াৰ উপৰিও সতীৰ্থ’ ৯৭ য়ে ন-পুখুৰীৰ পাৰত থকা চৰকাৰৰ অধীনৰ বিশেষ ভাৱে সক্ষম ব্যক্তিৰ আশ্ৰয় গৃহত উপস্থিত হৈ ৮ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ফলমূল, মিঠাইকে ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰে।

মন কৰিব লগীয়া যে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ পৰা ১৯৯৭ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰসকল পুনৰ মিলিত হৈ সতীৰ্থ’ ৯৭ নামৰ এক অনুষ্ঠানৰ জন্ম দিয়ে আৰু শিৱসাগৰ জিলাৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক উন্নতিৰ কামকাজৰ বাবে আগবাঢ়ি আহে।