NORTHEAST NOW (Assamese)

ভোটকেন্দ্ৰত ৰিগিঙৰ অভিযোগ : এছডিএমক চৰ সোধাই গ্ৰেপ্তাৰ নিৰ্দলীয় প্ৰাৰ্থী

November 15, 2024 4:07 pm · এন ই নাও নিউজ

ৰাজস্থানৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়ত এগৰাকী অতিৰিক্ত জিলা উপায়ুক্তক চোৰ সোধালে প্ৰাক্তন কংগ্ৰেছ নেতা তথা দেওলী-উনিয়াৰা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৰেশ মীনানে। ভোটকেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ কৰি অতিৰিক্ত জিলা উপায়ুক্তৰ গাত হাত দিয়ে নৰেশ মীনানে। ইয়াৰ পিছতে ৰাজস্থানৰ পৰিস্থিতি উত্তপ্ত হৈ উঠে।

জানিব পৰা মতে, চৰকাৰী বিষয়াক আক্ৰমণৰ অভিযোগত প্ৰাৰ্থীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কেইবাখনো ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে বুধবাৰে প্ৰথম পৰ্যায়ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। ৰাজস্থানৰ সাতটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয়।

ৰাজস্থানৰ টংক জিলাৰ দেওলী-উনিয়ৰা সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত হয়। এই কেন্দ্ৰৰ নিৰ্দলীয় প্ৰাৰ্থী নৰেশ মীনাৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত অতিৰিক্ত জিলা দণ্ডাধীশক চৰ মৰাৰ অভিযোগ উত্থাপন হৈছিল। বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

মীনাক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ অনুগামীসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰে। লগতে, ২৪খন ডাঙৰ গাড়ী আৰু প্ৰায় ৫০ খন মটৰ চাইকেল জ্বলাই দিলে নৰেশৰ অনুগামীয়ে।

আজি পুৱাও নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

Related News