NORTHEAST NOW (Assamese)

ফেচবুকৰ পৰা ডাটা বিচৰাত ভাৰত দ্বিতীয় স্থানত; বিগত বৰ্ষত বিচাৰিলে ৪০হাজাৰ লোকৰ ডাটা

May 14, 2020 4:48 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ফেচবুকৰ পৰা যুজাৰৰ ডাটা বিচৰাৰ হাৰ গোটেই বিশ্বত ৯.৫শতাংশ বৃদ্ধি পাইছে।

২০১৯ৰ জুলাইৰ পৰা ডিচেম্বৰৰ ভিতৰত আমেৰিকাৰ পাছতে ফেচবুকৰ পৰা ডাটা বিচৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ দ্বিতীয় স্থানত আছে।

ফেচবুকৰ শেহতীয়া স্বচ্ছতা(ট্ৰান্সপেৰেন্সি)ৰ প্ৰতিবেদন অনুসৰি উক্ত সময়ছোৱাত ভাৰতৰ ফালৰ পৰা ৩৯,৬৬৪টা একাউন্টৰ বাবে ২৬,৬৯৮টা আবেদন কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি, ইয়াৰে ৫৭শতাংশ ঘটনাৰ ক্ষেত্ৰত ফেচবুকে কিছু তথ্য দিছে।

ফেচবুকৰ পৰা ডাটা বিচৰাৰ ক্ষেত্ৰত এক নম্বৰ স্থানত আছে আমেৰিকা।

ফেচবুক ট্ৰান্সপেৰেন্সি প্ৰতিবেদন অনুসৰি আমেৰিকাৰই ৮২,৩২১টা য়ুজাৰ একাউন্টৰ বাবে ফেচবুকৰ পৰা ৫১,১২১টা আবেদন জনায়।

ফেচবুকে মুঠতে দেশখনক ৮৮শতাংশ ডাটা প্ৰদান কৰিছে।

২০১৯বৰ্ষৰ শেহতীয়া ছয়মাহত গোটেই বিশ্বতে ফেচবুকৰ পৰা ডাটা বিচৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত আমেৰিকা, দ্বিতীয় স্থানত ভাৰত থকাৰ উপৰি তালিকাত আছে ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স আৰু ইটালীৰ নাম।

ফেচবুকে ইয়াৰ প্ৰতিবেদনত কয়,’’সদায়েই আমি চৰকাৰসমূহৰ পৰা য়ুজাৰ ডাটা সম্পৰ্কে কৰা আবেদনসমূহ পৰীক্ষা কৰো আৰু এয়া আইনীভাৱে গ্ৰহণযোগ্য হয় নে নহয় তাক সুনিশ্চিত কৰো। যদি কোনো আবেদন অসম্পূৰ্ণ তথা আসোঁৱাহপূৰ্ণ হয় সেইবোৰ আমি ফিৰাই দিও আৰু প্ৰয়েজন হ’লে আদালতত যুঁজ দিও।‘’

ফেচবুকে লগতে ইয়াকো কয় যে তেওঁলোকে চৰকাৰক পিছ দুৱাৰেদি বা অনানুষ্ঠানিকভাৱে য়ুজাৰৰ ডাটা আগনবঢ়ায়।

Related News