• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰ প্ৰসংগত ৰাষ্ট্ৰসংঘত ভোটদানৰ পৰা বিৰত থাকিল ভাৰত, কিন্তু কিয়?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2021 8:00 am
mu
370
VIEWS
Share on FacebookShare on Twitter

গণতন্ত্ৰৰ অপমৃত্যু ঘটা ম্যানমাৰ প্ৰসংগত শুকুৰবাৰে ৰাষ্ট্ৰসংঘত অনুষ্ঠিত কৰা ভোটদানৰ পৰা চীন, ৰাছিয়া আদি দেশৰ লগতে ভাৰতো বিৰত থাকে।

বিশ্বৰ এখন অন্যতম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষই ম্যানমাৰত অত্যাচাৰী জুণ্টাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত অনুষ্ঠিত ভোটৰ পৰা বিৰত থকাৰ কথাই এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যদিও ভাৰতে ভোটদান নকৰাৰ সপক্ষে নিজস্ব যুক্তিও দাঙি ধৰিছে।

উল্লেখ্য ম্যানমাৰলৈ অস্ত্ৰ যোগান বন্ধ কৰা আৰু চ্যুকীৰ মুক্তিৰ দাবীত ৰাষ্ট্ৰসংঘত অনুষ্ঠিত ভোটদানত বিশ্বৰ ১১৯ খন দেশে প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰিছিল।

ভাৰতে ভোটদানৰ পৰা বিৰত থকাৰ প্ৰসংগত এইবুলি কৈছে যে ৰাষ্ট্ৰসংঘই ম্যানমাৰ প্ৰসংগত যি প্ৰস্তাৱ গ্ৰহণ কৰিছিল সেয়া অতি ততাতৈয়াকৈ লোৱা প্ৰস্তাৱ আছিল আৰু সেই প্ৰস্তাৱ গ্ৰহণৰ পূৰ্বে ৰাষ্ট্ৰসংঘই ম্যানমাৰৰ চুবুৰীয়া দেশসমূহৰ সৈতে কোনো আলোচনা কৰা নাছিল।

ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ টিৰুমূৰ্তিয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰস্তাৱে ম্যানমাৰত শান্তি স্থাপন কৰাত কোনো সহায় নকৰে, বৰঞ্চ ই ওলোটা প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিব।

ভাৰতে এছিয়ান দেশসমূহৰ উদ্যোগত আগৰে পৰাই ম্যানমাৰত শান্তি স্থাপনৰ বাবে চেষ্টা চলাই আছে বুলিও তেওঁ কয়।

উল্লেখ্য ম্যানমাৰৰ অশান্ত পৰিস্থিতিকলৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই। শুকুৰবাৰে অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ মুক্তিৰ দাবী জনোৱাৰ লগতে ম্যানমাৰত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ আহ্বান জনোৱা হয়।

ৰাষ্ট্ৰসংঘৰ সধাৰ পৰিষদৰ বৈঠকত লগতে বিশ্বৰ দেশ সমূহক ম্যানমাৰলৈ অস্ত্ৰৰ যোগান বন্ধ কৰিবলৈও আহ্বান জনোৱা হয়।জুণ্টাৰ বিৰুদ্ধে সাধাৰণ পৰিষদৰ বৈঠকত অনুষ্ঠিত ভোটত ১১৯ খন দেশে প্ৰস্তাৱটোৰ সপক্ষে ভোট দিয়ে।

৩৬ খন দেশৰ প্ৰতিনিধিয়ে ভোটদানৰ পৰা বিৰত থাকে।উল্লেখ্য চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ দিনা ম্যানমাৰত সামৰিক জুণ্টাই সেনা অভ্যুত্থানৰ জৰিয়তে চ্যুকীক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিছিল।

সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে ক্ষমতাচ্যুত কৰা ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ বিচাৰ ১৪ জুনৰ পৰা আৰম্ভ হৈছে। আদালতৰ বন্ধ কোঠালীত চলে দেশ খনৰ গণতন্ত্ৰকামী নেত্ৰীগৰাকীৰ বিচাৰ। সামৰিক জুণ্টাই তেওঁৰ বিৰুদ্ধে আনিছে সাতটা বিশেষ অভিযোগ।

উক্ত অভিযোগ কেইটাত দোষী সাৱস্ত্য হ’লে চ্যুকীৰ কমেও ১৫ বছৰৰ কাৰাদণ্ড হোৱাটো নিশ্চিত।ইয়াৰ পূৰ্বে চ্যুকীয়ে ২০১০ চনত জুণ্টাই আৰোপ কৰা ১৫ বছৰীয়া গৃহবন্দিত্বৰ পৰা মুক্ত হৈছিল।

এইবাৰো পুনৰ গৃহবন্দী হৈ থাকিবলগীয়া হ’লে ৭৫ বছৰীয়া নেত্ৰীগৰাকীয়ে জীৱনৰ শেষ কালছোৱা কাৰাগাৰতে কটাবলগীয়া হ’ব।

চ্যুকীৰ বিৰুদ্ধে সামৰিক জুণ্টাই বিগত বৰ্ষত চ্যুকীয়ে ক’ৰ’না বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা, নীতি বৰ্হিভূত ভাবে ৱাকি টকী লগত ৰখা আদিৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।

জুণ্টাই ১ ফেব্ৰুৱাৰীত গৃহবন্দী কৰা চ্যুকীক ২৮ মে’ৰ দিনা প্ৰথম বাৰৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল। নানান ষড়যন্ত্ৰ কৰি জুণ্টাই চ্যুকীৰ দল নেছনেল লীগ ফৰ ডেম’ক্ৰেচিক ভংগ কৰি দিবলৈ উদ্যত হৈছে বুলিও কথা ওলাইছে।

উল্লেখ্য জুণ্টা প্ৰশাসনে চ্যুকীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতি কৰাৰ অভিযোগৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।
চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ।
জুণ্টাই ইতিমধ্যে ৮০০ ৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অভিনেতা-অভিনেত্ৰী, মডেল , চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে।
সামৰিক জুণ্টাই নৈৰাজ্যৰ সৃষ্টি কৰা ম্যানমাৰৰ পৰা কোনোমতে হাতৰ মুঠিত প্ৰাণটো লৈ ভাৰতলৈ পলাই আহিছে দেশ খনৰ এজন মন্ত্ৰীৰ লগতে ১৪ গৰাকীকৈ সাংসদে।

ম্যানমাৰৰ মন্ত্ৰীগৰাকীৰ লগতে ১৪ জনকৈ বিধায়কে পলই আহি ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মিজোৰামত আশ্ৰয় গ্ৰহণ কৰি আছে।
মিজোৰামৰ চাম্পাই, চিয়াহা,লংলাই,চেৰচিপ, নাহথিয়াল,চাইতুৱাল আদি জিলাত ম্যানমাৰৰ পৰা বহু লোকে আহি প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে।

মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ মন্ত্ৰী আৰু সাংসদ কেইগৰাকীৰ সম্পূৰ্ণ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।উল্লেখ্য মিজোৰামৰ সৈতে ম্যানমাৰৰ ১,৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ৰেখা সংলগ্ন হৈ আছে।

জানিব পৰা মতে ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰৰ সৰহ সংখ্যক লোকেই দেশ খনৰ জু সম্প্ৰদায়ৰ লোক।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd