১৫ আগষ্টত ভাৰতৰ লগতে আন পাঁচখন দেশে উদযাপন কৰে স্বাধীনতা দিৱস। কি সেই পাঁচখন দেশ?

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হয়। দীৰ্ঘদিনীয়া ব্ৰিটিছ শাসনৰ দাসত্বৰ পৰা মুক্তি লাভ কৰে ভাৰতে। ভাৰতৰ স্বাধীনতাৰ মাত্ৰ এদিন আগতে পাকিস্তানেও স্বাধীনতা লাভ কৰে। 

২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰে। ১৫ আগষ্ট ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। কিন্তু কেৱল ভাৰতেই নহয়, বিশ্বৰ আন পাঁচখন দেশেও ১৫ আগষ্টৰ দিনটোতে স্বাধীনতা লাভ কৰে। 

উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া-

এই দুয়োখন দেশ স্বাধীন হৈছিল মাত্ৰ কেইবছৰমান পূৰ্বে। ভাৰত-পাকিস্তানৰ দৰে এই দুয়োখন দেশতো বিভাজন হৈছিল। কোৰিয়া আছিল দীৰ্ঘদিনীয়া জাপানী উপনিবেশ। স্বাধীনতাৰ সময়ত দুয়োখন দেশ দুটা ভাগত বিভক্ত হয়। ১৯৪২ চনত জাপানৰ আত্মসমৰ্পণৰ প্ৰায় তিনি বছৰৰ পাছত উত্তৰ আৰু দক্ষিণ কোৰিয়া স্বাধীন দেশত পৰিণত হয়। দুয়োখন দেশৰ স্বাধীনতা দিৱস ১৫ আগষ্ট।

বাহৰেইন-

বাইৰেনত ব্ৰিটিছে উপনিৱেশ চলাইছিল। ১৯৭১ চনৰ ১৫ আগষ্টত ব্ৰিটিছৰ পৰা বাহৰেইনে স্বাধীনতা লাভ কৰে। চুক্তি অনুসৰি ১৪ আগষ্ট বাহৰেইনৰ স্বাধীনতাৰ প্ৰকৃত দিন। কিন্তু ১৫ আগষ্টক এই দেশৰ স্বাধীনতা দিৱস হিচাপে স্বীকৃতি দিয়া হয়।

কংগো-

কংগোত ফৰাচীসকলৰ উপনিৱেশ আছিল। ১৮৮০ চনৰ পৰা এই দেশ ফৰাচী উপনিৱেশৰ অধীনত আছিল। সেই সময়ত দেশখনৰ নাম আছিল ফৰাচী কংগো। ১৯০৩ চনত এই নাম সলনি কৰি কংগো কৰা হয়। ১৯৬০ চনৰ ১৫ আগষ্টত এই দেশ স্বাধীন হয়।

লিচেনষ্টাইন-

লিচেনষ্টাইন পৃথিৱীৰ আটাইতকৈ সৰু দেশ। এই দেশ আছিল জাৰ্মান উপনিৱেশৰ অধীনত। ১৮৬৬ চনত জাৰ্মানীৰ পৰা লিচেনষ্টাইন মুক্ত হয়। দেশখনে ১৯৪০ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। স্বাধীনতাৰ প্ৰায় ৮০ বছৰৰ পাছত এই দেশখনে স্বাধীনতা দিৱস পালন কৰে। ১৯৪০ চনৰ ৫ আগষ্টত ১৫ আগষ্টক আনুষ্ঠানিকভাৱে স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰা হয়। 

লগতে পঢ়কঃ টিহুত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

লগতে পঢ়কঃ ৰক্ষকেই ভক্ষক! খোদ আৰক্ষী বিষয়াই নিৰ্যাতন চলালে শিশু শ্ৰমিকৰ ওপৰত

লগতে পঢ়কঃ নৃশংস! চুৰিৰ সন্দেহত দুই শিশুক অকথ্য নিৰ্যাতন; প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰি গুহ্যদ্বাৰত সানি দিলে জলকীয়া