• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছেমি ফাইনেলত বাংলাদেশক বিধ্বস্ত কৰি এছিয়ান গেমছৰ ক্ৰিকেটত সোণৰ পদকৰ দৌৰত ভাৰত

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 10:08 am
8.6k
VIEWS
Share on FacebookShare on Twitter

হাংঝু এছিয়ান গেমছত ভাৰতে সোণৰ পদকৰ নতুন অভিলেখ গঢ়িছে। ক্ৰিকেট দলে আৰু এটা সোণ জয়ৰ দিশে আগবাঢ়িছে। ঋতুৰাজ গাইকোৱাডৰ নেতৃত্বত টীম ইণ্ডিয়াই বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। সন্মুখত ৯৭ ৰানৰ লক্ষ্য লৈ খেলি ভাৰতে ৯.২ অভাৰতে খেলখন সমাপ্ত কৰে।

আই পি এলত নিয়মীয়াকৈ প্ৰদৰ্শন কৰা যুৱ ভাৰতীয় দলটোৰ এছিয়ান গেমছৰ বাকী দলসমূহৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আনখন ছেমি ফাইনেলত মুখামুখি হ’ব পাকিস্তান-আফগানিস্তান। যি দলে জয়ী হয় তেওঁলোকৰ বিৰুদ্ধে স্বৰ্মজয়ৰ মেচখনত প্ৰৱেশ কৰিব ভাৰতে। ফাইনেলত প্ৰতিদ্বন্দ্বী যিয়েই নহওক কিয় ভাৰত ফেভাৰিট হিচাপেই নামিব।

পূৰ্বৰ খেলখনত শতক অৰ্জন কৰা যশস্বী জয়ছৱালে আজি শূন্য ৰান সংগ্ৰহ কৰি উভতি আহে। কোনো চাপ নাছিল। নেপালৰ বিৰুদ্ধে অধিনায়ক ঋতুৰাজে এটাও ৰান নাপালে যদিও এই মেচত তেওঁ ধ্যান দিছিল। তেওঁ ২৬টা বলত অপৰাজিত ৪০ ৰান কৰে। ৩টা বিশাল ছয় আৰু ৪টা চাৰিও মাৰিলে। কিন্তু তাতোকৈ বিস্ফোৰক আছিল তিলক ভাৰ্মা। তেওঁ ২৬টা বলত অৰ্ধশতক অৰ্জন কৰে। শেষত ৫৫ ৰানত অপৰাজিত থাকে। ভাৰতে মাত্ৰ ৯.২ অভাৰতে   এটা উইকেট হেৰুৱাই ৯ উইকেটত জয়লাভ কৰে।

লগতে পঢ়কঃ বান বিধ্বস্ত ছিকিমত সন্ধানহীন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰো এক জোৱান

নেপালৰ বিৰুদ্ধে খেলোতেই ভাৰতে বুজি পাইছিল যে স্পিনাৰসকলে ঝেজিয়াং বিশ্ববিদ্যালয়ৰ খেলপথাৰত কি যাদু দেখুৱাব পাৰে । ইয়াৰ বাবেই বাংলাদেশৰ বিৰুদ্ধে ৱাশ্বিংটন সুন্দৰৰ দৰে অভিজ্ঞ স্পিনাৰক খেলাইছিল। তেওঁ সুন্দৰ  ভূমিকাও গ্ৰহণ কৰিছিল। তেওঁৰ লগতে ছাই কিশোৰ, ৰবি বিষ্ণোই, শ্বাহবাজ আহমেদ, তিলক ভাৰ্মাৰ দৰে পাঁচজন স্পিনাৰে বাংলাদেশক ১০০ ৰান অতিক্ৰম কৰিবলৈ নিদিলে।

আৰম্ভণি কৰে কিশোৰে, অ’পেনাৰ মাহমুদুল হাছানক ৫ ৰানত ঘুৰাই পঠিয়াইছিল। দ্বিতীয় অভাৰত বল কৰিবলৈ আহি সুন্দৰে দুটা উইকেট দখল কৰে। তিলকে উভতাই পঠায় পাৰভেজ হোছেইনক। ৩৬ৰাণত ৪টা উইকেটৰ পৰা ঘূৰিব নোৱাৰিলে বাংলাদেশ। কিশোৰে ৩টা উইকেট দখল কৰে। সুন্দৰে লয় ২টা, তিলক, শ্বাহবাজ, বিষ্ণৌই ১ টা উইকেট লাভ কৰে।

লগতে পঢ়কঃ ছিকিমৰ বানত মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ১০০ৰো অধিক; অব্যাহত উদ্ধাৰ অভিযান

পাৰভেজ আৰু জাকিৰ আলীয়ে বাংলাদেশৰ ইনিংছ ৯৬ ৰানলৈ লৈ যায়। পাৰভেজে ২৩ ৰান কৰে। জাকিৰ ২৪ ৰাণত নট আউট থাকে। বাকী ৰিপন হাছানৰ ১৪ ৰানটো বাদে আন কোনোৱে দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে। ভাৰতে অতিৰিক্ত ১৩ ৰান নিদিলে আৰু বেয়া স্কৰ হ’লহেঁতেন৷

এছিয়ান গেমছৰ ইতিহাসত বাংলাদেশে মাত্ৰ ১ টা সোণৰ পদক লাভ কৰিছে। যিটো ক্ৰিকেটৰ পৰাই আহিছে। গুৱাংঝুৰ পৰা ধৰিলে ক্ৰিকেটত ৫টা পদক লাভ কৰিছে তেওঁলোকে। এইবাৰ ভাৰতে ক্ৰিকেটত প্ৰথম দল প্ৰেৰণ কৰিছে। ৰোহিত শৰ্মা, বিৰাট কোহলীৰ পৰৱৰ্তী প্ৰজন্মক স্তব্ধ কৰাটো কঠিন, সেয়া বাংলাদেশে ছেমি ফাইনেলত ভালকৈয়ে বুজি পালে।

গতে পঢ়কঃজম্মু-কাশ্মীৰৰ ৰাজৌৰী সেনা শিবিৰত সহকৰ্মীৰ ওপৰত গুলীচালনা সেনা মেজৰৰ, আহত ৬ জন

ভাৰতীয় ক্ৰিকেটাৰসকল যি ফৰ্মত আছে, ফাইনেলত যিয়েই নাথাকক কিয় ভাৰতৰ পৰা স্বৰ্ণ কাঢ়ি লোৱাটো কঠিন হ’ব। ঋতুৰাজ, তিলক, ৱাশ্বিংটনহঁতে ইতিমধ্যে স্বৰ্ণ জয়ৰ সপোনত বিভোৰ হৈছে। 

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd