আত্মনিৰ্ভৰতাৰ লক্ষ্য; ১০১বিধ প্ৰতিৰক্ষা সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা কেন্দ্ৰৰ

images

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

কেন্দ্ৰীয় চৰকাৰে বিদেশৰ পৰা আমদানিৰ পৰিৱৰ্তে ঘৰুৱাভাৱেই প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।

ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ১০১ বিধ প্ৰতিৰক্ষা সামগ্ৰীৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

মন্ত্ৰ্যালয়ে ইয়াৰ তালিকাও প্ৰস্তুত কৰিছে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত  এই সামগ্ৰীসমূহৰ আমদানি পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব।

দেওবাৰে পুৱা একাধিক টুইটৰ জৰিয়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জনায় যে অৰ্থনৈতিক ক্ষেত্ৰত আৰম্ভ হোৱা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দৰে প্ৰতিৰক্ষাৰ দিশতো ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ পথত আগবঢ়াই নিব বিচৰা হৈছে।

তেওঁ কয় যে প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা আত্মনিৰ্ভৰ ভাৰতৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ১০১ বিধ সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰিছে। সামগ্ৰীসমূহৰ ওপৰত নিৰ্দিষ্ট সময়সীমাৰ পাছত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ সন্মুখত নতুন সুযোগ মুকলি হ’ল।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা যি ১০১বিধ সামগ্ৰীৰ আমাদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে তাৰ ভিতৰত আছে আৰ্টিলাৰি বন্দুক, ক্ষেপনাস্ত্ৰ ধ্বংসকাৰী আহিলা, জাহাজত থকা ক্ষেপনাস্ত্ৰ, লাইট কমবেট এয়াৰক্ৰাফট, স্থলভাগত আক্ৰমণ চলোৱা দূৰত্বভেদী ক্ষেপনাস্ত্ৰ, যোগাযোগ উপগ্ৰহ, মাল্টি বেৰেল ৰকেট লাঞ্চাৰ,এছল্ট ৰাইফল, স্নাইপাৰ ৰাইফল, সৰু আনমেনড্ এৰিয়েল ভেহিকলকে ধৰি অন্যান্য সামগ্ৰী।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তালিকা অনুসৰি অহা ডিচেম্বৰৰ ভিতৰত ৬৯বিধ সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

সেইদৰে, অহা বছৰৰ ডিচেম্বৰত এই তালিকাত সন্নিৱিষ্ট হ’ব আন ১১বিধ সামগ্ৰী। এইদৰে ২০২৫চন পৰ্যন্ত প্ৰত্যেক ডিচেম্বৰতে কেইবাবিধো সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।