বিশ্বকাপ অতীত! বেটে-বলে দুৰ্দান্ত ফৰ্মত টীম ইণ্ডিয়া; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টী-২০তো জয় ভাৰতৰ
বিশ্বকাপত পৰাজয়ৰ পোতক তুলিবলৈয়ে যেন উন্মুখ। বিশ্বকাপ ফাইনেলত পৰাজয়ৰ হতাশা সামৰি টীম ইণ্ডিয়াই নিজৰ ‘দমনীয়’ প্ৰদৰ্শনেৰে সেয়া বুজাই দিলে। প্ৰথমখন খেলৰ পিছত দ্বিতীয় টী-২০তো অষ্ট্ৰেলিয়াক বিধ্বস্ত কৰিলে সূৰ্য্যকুমাৰ বাহিনীয়ে। বেটছমেনৰ দুৰ্দান্ত ইনিংছৰ সমান্তৰালকৈ ৰবি বিষ্ণোই আৰু সংগীসকলে বলিঙতো যথেষ্ট দক্ষতা প্রদর্শন কৰে৷
দেওবাৰে তিৰুৱনন্তপুৰমত মেথিউ ৱেডে টছত জয়লাভ কৰি ভাৰতক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। আৰু সেই সুযোগ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি ভাৰতীয় টপ অৰ্ডাৰে অষ্ট্ৰেলিয়াৰ বলাৰসকলক ঢোকে ঢোকে পানী খুৱালে।
ষশস্বী জয়ছোৱাল, ঋতুৰাজ গাইকোৱাড আৰু ঈশান কিষাণ, তিনিওজন তাৰকাই অৰ্ধশতক অৰ্জন কৰি দলটোৰ ৰানৰ পাহাৰ গঢ়ে। আৰু বাকী কামটো কৰে দলৰ নতুন চেঞ্চেশ্যন ৰিংকু সিঙে। তেওঁৰ নিৰ্ভীক, আত্মবিশ্বাসী, বিধ্বংসী বেটিং ক্ৰমান্বয়ে বিৰোধীৰ বাবে মূৰৰ বিষ হৈ পৰিছে।
ৰিংকুৱে মাত্ৰ ৯টা বলত ৩১ ৰান কৰি আউট হয়। তেওঁ চাৰিটা চাৰি আৰু দুটা ছয় মাৰে। এসময়ত ধোনীয়ে যিদৰে মিডল অৰ্ডাৰত নামি আহি বাউণ্ডেৰী অভাৰ বাউণ্ডেৰীৰ ফুলজাৰিৰে দলটোক মজবুত কৰিছিল, ৰিংকুৱে যেন সেই কথাকে মনত পেলাই দিছে।
ভাৰতৰ ২৩৫ ৰান চেজ কৰিবলৈ নামি অষ্ট্ৰেলিয়াই আৰম্ভণিতে উজুটি খায়। ষ্টীভ স্মিথ (১৯), মেথিউ শ্বৰ্ট (১৯), জোছ ইংলিছ (২) আৰু গ্লেন মেক্সৱেলে (১২) ৰবি বিষ্ণয়, প্ৰসিদ্ধ কৃষ্ণ, অক্ষৰ পেটেলৰ নিখুঁত বলিঙৰ বাবে সোনকালেই পেভিলিয়নলৈ উভতি যায়।
মাৰ্কাছ ষ্ট’ইনিছ আৰু টিম ডেভিদে অৱশ্যে দুৰন্ত পাৰ্টনাৰশ্বিপ গঢ়ি তুলি ভাৰতীয় বলাৰসকলৰ ওপৰত এক চাপ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। যদিও শেষত সেয়া সফল নহ’ল।
প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ সুযোগ পাইছে সূৰ্যকুমাৰ যাদৱে। বিশ্বকাপত যাৰ প্ৰদৰ্শনে দেশক হতাশ কৰিছিল। সেয়ে, ভাৰতীয় বেটছমেনগৰাকীয়ে ছবাৰৰ বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে পাঁচখন মেচৰ শৃংখলাত দলটোক ইটোৰ পিছত সিটোকৈ জয় আনি যেন সেই ‘পাপ’ৰ প্ৰায়শ্চিত্ত কৰিবলৈ চেষ্টা কৰিছে। কোৱা বাহুল্য যে তেওঁ এতিয়া পৰৱৰ্তী মেচতো জয়ী হৈ শৃংখলা দখল কৰিবলৈ অধীৰ হৈ পৰিছে।
সংক্ষিপ্ত স্কোৰঃ
ভাৰতঃ ২৩৫/৪ (যশস্বী-৫৩, ঋতুৰাজ-৫৮, ঈশান-৫৩, এলিছ-৪৫/৩)
অষ্ট্ৰেলিয়া: ১৯১/৯ (ষ্টইনিছ-৪৫, ডেভিদ-৩৭, প্ৰসিদ্ধ-৪১/৩, বিষ্ণোই-৩২/৩)
ভাৰত ৪৪ ৰানত বিজয়ী।