• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাৰ্দিক-ডুবেৰ বেটিং, বৰুণ-বিষ্ণোইৰ স্পীনেৰে ইংলেণ্ডক বিধ্বস্ত কৰি শৃংখলা জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 8:18 am
191
VIEWS
Share on FacebookShare on Twitter

বেটিং ব্যৰ্থতা চম্ভালি হাৰ্দিক আৰু শিৱমে অনবদ্য যুঁজ দিছিল। আনহাতে বিষ্ণোই আৰু বৰুণৰ বলিং আছিল আকৰ্ষণীয়। চতুৰ্থ টি-২০ত ইংলেণ্ডে ভাৰতৰ আগত তিষ্ঠিবই নোৱাৰিলে। সূৰ্যকুমাৰৰ বাহিনীয়ে জোছ বাটলাৰ বাহিনীক ১৫ ৰানত পৰাস্ত কৰি ৩-১ ব্যৱধানত শৃংখলাটো জয় কৰে।

ভাৰতৰ হৈ শিৱম আৰু হাৰ্দিক দুয়োজনে অৰ্ধশতক অৰ্জন কৰে। ৰবি বিষ্ণোই আৰু হৰ্ষিতে দখল কৰে ৩টাকৈ উইকেট। বৰুণ চক্ৰৱৰ্তীয়ে ২টা উইকেট দখল কৰে। ইফালে শিৱম ডুবে আঘাতপ্ৰাপ্ত হোৱাৰ সময়তে তেওঁৰ ঠাইত নামি হৰ্ষিতে ইতিহাস ৰচনা কৰে।

প্ৰথম তিনিখন মেচতে টছত জয়লাভ কৰে সূৰ্যকুমাৰ যাদৱে। অৱশেষত পুনেত টছত জয়লাভ কৰি ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে ভাৰতক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। দ্বিতীয় অভাৰত ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। সঞ্জু ছেমচনে ১ ৰানত উভতি আহে। তিলক আৰু সূৰ্যও ছাকিব মাহমুদৰ বলিঙত ধৰাশায়ী হয়। দুয়ো শূন্য ৰানেৰে উভতি আহে।

অধিনায়ক সূৰ্য্যৰ অফ ফৰ্ম অব্যাহত আছে। ফলস্বৰূপে ভাৰত চাপত পৰে। কিছু সময়ৰ পিছতে আউট হয় অভিষেক শৰ্মা। আঘাতৰ পৰা উভতি অহা ৰিংকু সিঙে ৩০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ৫ উইকেটত ৭৯ ৰান কৰি ভাৰত তেতিয়াও যথেষ্ট চাপত আছিল। তাৰ পৰাই হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই প্ৰত্যাক্ৰমণৰ পথ গ্ৰহণ কৰিলে।

তাৰ পৰা আৰু ঘূৰি চাবলগীয়া হোৱ নাছিল। শিৱমে ৩৪টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। আনহাতে, হাৰ্দিকেও ৫৩ ৰান সংগ্ৰহ কৰি অফ ফৰ্মৰ দুঃচিন্তা আঁতৰালে। ৯টা উইকেট হেৰুৱাই ১৮১ ৰানত ভাৰতৰ ইনিংছ সমাপ্ত হয়।

প্ৰত্যুত্তৰত ইংলেণ্ডৰো আৰম্ভণি বেয়া নাছিল। অপেনিং যুটিটোৱে ৬২ ৰান সংগ্ৰহ কৰে। ইয়াৰ ভিতৰত বেন ডাকেটে ১৯টা বলত ৩৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। আৰু তেতিয়াই আৰম্ভ হয় বিষ্ণোইৰ যাদু। বৰ্তমানৰ শৃংখলাত ভাৰতীয় স্পিনাৰগৰাকী একেবাৰেই ফৰ্মত নাছিল। নিখুঁত সময়ত তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিল। তেওঁ ডাকেট আৰু বাটলাৰক সোনকালে ঘূৰাই পঠিয়ালে। অক্ষৰ পেটেলে  যোগ্য সংগ দি  ছল্টৰ উইকেট দখল কৰে।

আহত শিৱম ডুবেৰ ঠাইত নামে হৰ্ষিত ৰাণা। আৰু আজিৰ দিনটোতে তেওঁ টি-২০ ক্ৰিকেটত অভিষেক ঘটায়। এইবাৰ প্ৰথমবাৰৰ বাবে বিকল্প খেলুৱৈ হিচাপে অভিষেক ঘটে কোনো ক্ৰিকেটাৰৰ। অৱশ্যে খেলপথাৰত তেওঁ দেখুৱালে যে  প্ৰথম দলতো তেওঁ স্থান লাভ কৰিব পাৰে। তেওঁ লিভিংষ্টন, বেথেল আৰু ক্ৰমান্বয়ে বিপদজনক হৈ পৰা জেমী অভাৰ্টনক ঘূৰাই পঠিয়ায়।

বৰুণ চক্ৰৱৰ্তীও পিছ পৰি ৰোৱা নাছিল। শুকুৰবাৰে তেওঁ আকৌ এবাৰ ইংলেণ্ডৰ বেটছমেনক বিমোৰত পেলায়। কোনো প্ৰত্যুত্তৰ দিব নোৱাৰি ব্ৰাইডন কাৰ্টিছ আৰু অৰ্ধশতক অৰ্জন কৰা হেৰী ব্ৰুক আউট হয়। শেষত ইংলেণ্ডৰ ইনিংছ ১৬৬ ৰানত সমাপ্ত হয়। ভাৰতে ১৫ ৰাণত জয়লাভ কৰাৰ লগতে টি-২০ ছিৰিজটো ৩-১ ব্যৱধানত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৮১/৯ (হৰ্দিক ৫৩, শিৱম ৫৩)

ইংলেণ্ডঃ ১৬৬/১০ (হেৰী ব্ৰুক ৫১, বিষ্ণোই ২৮/৩, হৰ্ষিত ৩৩/৩)

ভাৰতে ১৫ ৰাণত জয়লাভ কৰে।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd