• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰ্দিক-ডুবেৰ বেটিং, বৰুণ-বিষ্ণোইৰ স্পীনেৰে ইংলেণ্ডক বিধ্বস্ত কৰি শৃংখলা জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 8:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেটিং ব্যৰ্থতা চম্ভালি হাৰ্দিক আৰু শিৱমে অনবদ্য যুঁজ দিছিল। আনহাতে বিষ্ণোই আৰু বৰুণৰ বলিং আছিল আকৰ্ষণীয়। চতুৰ্থ টি-২০ত ইংলেণ্ডে ভাৰতৰ আগত তিষ্ঠিবই নোৱাৰিলে। সূৰ্যকুমাৰৰ বাহিনীয়ে জোছ বাটলাৰ বাহিনীক ১৫ ৰানত পৰাস্ত কৰি ৩-১ ব্যৱধানত শৃংখলাটো জয় কৰে।

ভাৰতৰ হৈ শিৱম আৰু হাৰ্দিক দুয়োজনে অৰ্ধশতক অৰ্জন কৰে। ৰবি বিষ্ণোই আৰু হৰ্ষিতে দখল কৰে ৩টাকৈ উইকেট। বৰুণ চক্ৰৱৰ্তীয়ে ২টা উইকেট দখল কৰে। ইফালে শিৱম ডুবে আঘাতপ্ৰাপ্ত হোৱাৰ সময়তে তেওঁৰ ঠাইত নামি হৰ্ষিতে ইতিহাস ৰচনা কৰে।

Apply Now

প্ৰথম তিনিখন মেচতে টছত জয়লাভ কৰে সূৰ্যকুমাৰ যাদৱে। অৱশেষত পুনেত টছত জয়লাভ কৰি ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে ভাৰতক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। দ্বিতীয় অভাৰত ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। সঞ্জু ছেমচনে ১ ৰানত উভতি আহে। তিলক আৰু সূৰ্যও ছাকিব মাহমুদৰ বলিঙত ধৰাশায়ী হয়। দুয়ো শূন্য ৰানেৰে উভতি আহে।

অধিনায়ক সূৰ্য্যৰ অফ ফৰ্ম অব্যাহত আছে। ফলস্বৰূপে ভাৰত চাপত পৰে। কিছু সময়ৰ পিছতে আউট হয় অভিষেক শৰ্মা। আঘাতৰ পৰা উভতি অহা ৰিংকু সিঙে ৩০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ৫ উইকেটত ৭৯ ৰান কৰি ভাৰত তেতিয়াও যথেষ্ট চাপত আছিল। তাৰ পৰাই হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই প্ৰত্যাক্ৰমণৰ পথ গ্ৰহণ কৰিলে।

তাৰ পৰা আৰু ঘূৰি চাবলগীয়া হোৱ নাছিল। শিৱমে ৩৪টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। আনহাতে, হাৰ্দিকেও ৫৩ ৰান সংগ্ৰহ কৰি অফ ফৰ্মৰ দুঃচিন্তা আঁতৰালে। ৯টা উইকেট হেৰুৱাই ১৮১ ৰানত ভাৰতৰ ইনিংছ সমাপ্ত হয়।

প্ৰত্যুত্তৰত ইংলেণ্ডৰো আৰম্ভণি বেয়া নাছিল। অপেনিং যুটিটোৱে ৬২ ৰান সংগ্ৰহ কৰে। ইয়াৰ ভিতৰত বেন ডাকেটে ১৯টা বলত ৩৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। আৰু তেতিয়াই আৰম্ভ হয় বিষ্ণোইৰ যাদু। বৰ্তমানৰ শৃংখলাত ভাৰতীয় স্পিনাৰগৰাকী একেবাৰেই ফৰ্মত নাছিল। নিখুঁত সময়ত তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিল। তেওঁ ডাকেট আৰু বাটলাৰক সোনকালে ঘূৰাই পঠিয়ালে। অক্ষৰ পেটেলে  যোগ্য সংগ দি  ছল্টৰ উইকেট দখল কৰে।

আহত শিৱম ডুবেৰ ঠাইত নামে হৰ্ষিত ৰাণা। আৰু আজিৰ দিনটোতে তেওঁ টি-২০ ক্ৰিকেটত অভিষেক ঘটায়। এইবাৰ প্ৰথমবাৰৰ বাবে বিকল্প খেলুৱৈ হিচাপে অভিষেক ঘটে কোনো ক্ৰিকেটাৰৰ। অৱশ্যে খেলপথাৰত তেওঁ দেখুৱালে যে  প্ৰথম দলতো তেওঁ স্থান লাভ কৰিব পাৰে। তেওঁ লিভিংষ্টন, বেথেল আৰু ক্ৰমান্বয়ে বিপদজনক হৈ পৰা জেমী অভাৰ্টনক ঘূৰাই পঠিয়ায়।

বৰুণ চক্ৰৱৰ্তীও পিছ পৰি ৰোৱা নাছিল। শুকুৰবাৰে তেওঁ আকৌ এবাৰ ইংলেণ্ডৰ বেটছমেনক বিমোৰত পেলায়। কোনো প্ৰত্যুত্তৰ দিব নোৱাৰি ব্ৰাইডন কাৰ্টিছ আৰু অৰ্ধশতক অৰ্জন কৰা হেৰী ব্ৰুক আউট হয়। শেষত ইংলেণ্ডৰ ইনিংছ ১৬৬ ৰানত সমাপ্ত হয়। ভাৰতে ১৫ ৰাণত জয়লাভ কৰাৰ লগতে টি-২০ ছিৰিজটো ৩-১ ব্যৱধানত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৮১/৯ (হৰ্দিক ৫৩, শিৱম ৫৩)

ইংলেণ্ডঃ ১৬৬/১০ (হেৰী ব্ৰুক ৫১, বিষ্ণোই ২৮/৩, হৰ্ষিত ৩৩/৩)

ভাৰতে ১৫ ৰাণত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd