T-20 World Cup ঈশান কিষাণৰ দুৰ্দান্ত ফৰ্ম; ৱাৰ্ম আপত ইংলেণ্ডক হৰুৱাই মসৃন যাত্ৰা টীম ইণ্ডিয়াৰ

teamindia-6

T-20 World Cup warm-up টী-২০ বিশ্বকাপৰ পূৰ্বে এখন অনুশীলন মেচত ইংলেণ্ডক ৭উইকেটত পৰাজিত কৰি প্ৰবল আত্মবিশ্বাসী হৈ উঠিছে টীম ইণ্ডিয়া। বেটিং সহায়ক উইকেটত দুৰ্দান্ত বেটিঙৰ প্ৰদৰ্শন দাঙি ধৰে ঈষান কিষাণ আৰু লোকেশ ৰাহুলে।

টীম ইণ্ডিয়াৰ হৈ ঈষান আৰু ৰাহুলে অৰ্দ্ধশতক কৰাৰ লগতে মেচখনত মহম্মদ ছামিয়ে ৩ টা উইকেট দখল কৰে।

বুধবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন এখন অনুশীলন মেচত অৱতীৰ্ণ হ’ব ভাৰত।

সোমবাৰে ইংলেণ্ডৰ বিৰুদ্ধে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ভাৰতীয় অধিনায়ক কোহলিয়ে।

ইংলেণ্ডে নিৰ্দ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৮ৰাণ কৰে। ইংলেণ্ডৰ হৈ বেয়াৰষ্টোৱে ৩৬টা বলত ৪৯ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলে। শেষৰ পিনে মঈন আলীয়েও ২০ টা বলত ৪৩ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে।

Also Read: CBSE Class 10 Term 1-Exam: ৩০ নৱেম্বৰৰ পৰা আৰম্ভ পৰীক্ষা, চাওক পৰীক্ষাৰ সম্পূৰ্ণ সূচী

টীম ইণ্ডিয়াৰ হৈ মহম্মদ ছামিয়ে চাৰি অভাৰত ৪০ৰাণ দি তিনিটা উইকেট লয়। ইয়াৰ উপৰি বুমৰাহ আৰু চাহাৰে এটাকৈ উইকেট লয়।

ভাৰতে বেটিং কৰিবলৈ নামি ঈষান কিষাণ আৰু লোকেশ ৰাহুলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়। ৪৬টা বলত ৭০ৰাণ কৰি ৰিটায়াৰ্ড হাৰ্ট হৈ পেভলিয়নলৈ উভতে ঈষান। তেওঁ মুঠতে ৭টা চাৰি আৰু ৩টা ছয় কোবায়।

আনটো দিশতো আক্ৰমণাত্মক হৈ পৰে লোকেশ ৰাহুল। ৰাহুলে ২৪টা বলতে ৬টা চাৰি আৰু ৩টা ছয় কোবাই ৫১ৰাণ কৰে।

Also Read: New Covid cases Assamৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ আশ্বস্ত হোৱাৰ থল আছেনে? নতুনকৈ কিমান বাঢ়িল সংক্ৰমণ?

অৱশ্যে বেটিঙত ব্যৰ্থ হয় বিৰাট কোহলি। মাত্ৰ ১৩ বলখেলি ১১ ৰাণ কৰি আউট হয় ভাৰতীয় অধিনায়ক। সেইদৰে সূৰ্যকুমাৰ যাদবেও মাত্ৰ ৮ৰাণহে কৰিবলৈ সক্ষম হয়। হাৰ্দিক পাণ্ডিয়াই ১২ ৰাণ কৰি অপৰাজিত থাকে।

কিন্তু ভাৰতীয় ইনিংছত আকো এবাৰ দৃষ্টি কাঢ়ে ঋষভ পন্টে। ফিনিছাৰৰ দায়িত্ব পালন কৰি চিনিটা ছয় আৰু এটা চাৰিৰ সহায়ত ১৪টা বলত ২৯ৰাণ কৰে পন্টে। ভাৰতে এক অভাৰ বাকী থাকোতেই মেচখনত জয়লাভ কৰে।