বিধ্বংসী কৃষ্ণা-ছিৰাজ; ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ কৰি ৰোহিতৰ নেতৃত্বৰ যাত্ৰা আৰম্ভ

IMAGE_1644595835

ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ কৰি ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই নতুন এক উজ্জীৱিত ধাৰা আৰম্ভ কৰিলে। শুকুৰবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কেৰিবিয়ান দলটোৰ বিৰুদ্ধে সহজ বিজয় সাৱ্যস্ত কৰে টীম ইণ্ডিয়াই।

ঘৰৰ মাটিত ৱেষ্ট ইণ্ডিজক ৩-০ব্যৱধানত ছিৰিজ পৰাজিত কৰি ৰোহিত শৰ্মাই তেওঁৰ নেতৃত্বৰ যাত্ৰা আৰম্ভ কৰে।

শুকুৰবাৰে ৰোহিতে প্ৰথম বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰি আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হয় যদিও অৱশেষত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।

শিখৰ ধাৱান(১০) আৰু ৰোহিত শৰ্মাই(১৩) ব্যৰ্থ হোৱাৰ উপৰি প্ৰাক্তন অধিনায়ক কোহলি পুনৰ শূন্য ৰাণতে পেভলিয়নমুখী হয়।

ইয়াৰ পিছতে ভাৰতৰ বেটিং আগবঢ়াই নিয়াৰ দায়িত্ব কান্ধ পাতি লয় শ্ৰেয়াস আয়াৰ আৰু ঋষভ পন্টে। ৮০ৰাণ কৰি শ্ৰেয়াসে দলক মজবুত স্থিতি প্ৰদান কৰাৰ সমান্তৰালকৈ ঋষভেও ৫৮ৰাণৰ অনবদ্য ইনিংছ খেলে।

তেওঁলোকৰ প্ৰস্থানৰ পিছতে সূৰ্যকুমাৰ যাদব আৰু দলত সুযোগ লাভ কৰা দীপক চাহাৰে ক্ৰমে ৩৩ আৰু ৩৮ৰাণ কৰে। চাহাৰে বলিং কৰি দুটা উইকেটো দখল কৰে। খেলখনত ভাৰতে বেটিঙত বিশেষ চমক দেখুৱাব নোৱাৰিলেও বলিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়।

বিধ্বংসী বলিঙেৰে ছিৰাজ আৰু প্ৰসিদ্ধা কৃষ্ণাই তিনিটাকৈ উইকেট দখল কৰে। চাহাৰৰ উপৰি স্পীনাৰ কুলদীপ যাদবেও দুটা উইকেট লাভ কৰে।

খেলখনত ভাৰতৰ ২৬৫ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ৩৭.১ অভাৰত ১৬৯ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই ৯৬ৰাণত পৰাজয় বৰণ কৰে।