• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লযোগে ভূটান যোৱাৰ বাট মুকলি! শীঘ্ৰেই আৰম্ভ হ’ব জৰীপৰ কাম, ৰজা ৱাংচুকৰ সন্মতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2023 12:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ভূটানৰ ৰজা জিগমি খেছাৰ নামগয়াল ৱাংচুক ভাৰত ভ্ৰমণলৈ আহিছে। সোমবাৰে দিল্লীত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি বৈঠকত মিলিত হয়। সেই বৈঠকত সিদ্ধান্ত লোৱা হয় যে ভাৰত আৰু ভূটানক ৰে’লযোগে সংযোগ কৰা হ’ব। ইয়াৰ বাবে অতি সোনকালে জৰীপ আৰম্ভ কৰা হ’ব।

ভাৰতৰ সহায়তে ভূটানলৈ যাব এই ৰে’লপথ। অৱশ্যে ভাৰতে ভূটানক কেৱল ৰে’ল সেৱাৰ ক্ষেত্ৰতে নহয়, বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতো সহায় কৰিবলৈ গৈ আছে। এই সকলোবোৰ ৰজা ৱাংচুক আৰু প্ৰধানমন্ত্ৰী মোডীৰ বৈঠকত আলোচনা হয়।

বাতৰি অনুসৰি, অসমৰ কোকৰাঝাৰ আৰু ভূটানৰ গেলেম্পুৰ মাজত ৰে’ল সংযোগ স্থাপন হব পাৰে। ৰজা ৱাংচুকে ইয়াৰ বাবে ঠাই বিচাৰি চূড়ান্ত জৰীপ কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰী মোদীয়েও ভূটানক সহায় কৰাৰ আশ্বাস দিয়ে।

লগতে পঢ়কঃ মিজোৰাম আৰু ছত্তীশগড়ত বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ; ছত্তীশগড়ত বিস্ফোৰণত আহত জোৱান

সীমা বিবাদক লৈ ভূটানে চীনৰ সৈতে আলোচনাত মিলিত হৈ থকাৰ সময়তে ৰে’ল সংযোগ সন্দৰ্ভত দুয়োগৰাকী ৰাষ্ট্ৰৰ মুৰব্বীৰ মাজত এই আলোচনা হৈছে। এই পৰিস্থিতিত কূটনৈতিক দৃষ্টিকোণৰ পৰা এই ৰে’ল পথৰ আলোচনা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। তদুপৰি, বৈঠকত ৰজা ৱাংচুকে মোডীৰ সৈতে বিনিয়োগ, বিদ্যুৎ, স্বাস্থ্য, শিক্ষা, মহাকাশ প্ৰযুক্তিৰ বিষয়েও আলোচনা কৰে।

বাতৰি অনুসৰি, নিৰ্মাণ হ’বলগীয়া ৰে’লপথৰ জৰিয়তে পশ্চিম বংগৰ বানাৰহাটক ভূটানৰ ছামছেৰ সৈতে সংযোগ কৰা হ’ব। অসমৰ দৰঙা আৰু ভূটানৰ সানদ্ৰুপত মুকলি হ’ব অভিবাসন চেক পইণ্ট।

লগতে পঢ়কঃবাংলাদেশ জিকিল, ক্ৰিকেট হাৰিল! মেথিউছৰ টাইম আউটক লৈ সৰৱ ক্ৰিকেট জগত

ইপিনে, ৰে’ল লাইন ভূটানলৈ নিয়াৰ পৰিকল্পনাৰ মাজতে ৰে’ল লাইন ছিকিমলৈ নিয়াৰ কাম পূৰ্ণগতিত চলি আছে। জানিব পৰা মতে অহা বছৰ সেৱক-ৰংপো ৰে’ল প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব। কেৱল সেয়াই নহয়, তাৰ পিছত ছিকিম-চীন সীমান্তৰ নাথুলালৈ সম্প্ৰসাৰণ কৰা হ’ব ৰে’ল লাইন।

Pleasure to welcome His Majesty the King of Bhutan, Jigme Khesar Namgyel Wangchuk to India. We had very warm and positive discussions on various facets of the unique and exemplary India-Bhutan relationship. Deeply value His Majesty’s vision for the development and well being of… pic.twitter.com/asmCAaKMjG

— Narendra Modi (@narendramodi) November 6, 2023

সেৱকৰ পৰা ৰংপোলৈ ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথত পাঁচটা ষ্টেচন থাকিব। তদুপৰি, এই পথত  থাকিব ১৪টা সুৰংগ আৰু ২২খন দলং। এই ৰে’লপথৰ ৩৮ কিলোমিটাৰ পথ সুৰংগৰ মাজেৰে পাৰ হ’ব। আনকি এটা ষ্টেচনো আণ্ডাৰগ্ৰাউণ্ড থাকিব। জানিব পৰা মতে, এই পথৰ পাঁচটা ষ্টেচনৰ ভিতৰত তীস্তাবাজাৰ ষ্টেচন মেট্ৰ’ৰ দৰে মাটিৰ তলত হ’ব।

সেৱকৰ পৰা ৰংপোলৈ যোৱা ৰে’ল পথত যাত্ৰী সেৱা আৰম্ভ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ লাইন সম্প্ৰসাৰণৰ কাম আৰম্ভ হ’ব। সেই সময়ত এই লাইন পোনে পোনে চীন সীমান্তলৈ যাব বুলি জনা যায়। প্ৰতিকূল পৰিবেশতো এই ৰে’লপথটো গোটেই বছৰটো খোলা ৰাখিব পৰা যাব বুলি ৰে’ল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd