• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজিটেল এৰেষ্টত সৰ্বস্বান্ত! জালিয়াতি ৰোধ কৰিবলৈ বন্ধ কৰা হ’ল ৫৯ হাজাৰ হোৱাটছএপ একাউণ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2024 9:25 am
ডিজিটেল এৰেষ্টত সৰ্বস্বান্ত! জালিয়াতি ৰোধ কৰিবলৈ বন্ধ কৰা হ’ল ৫৯ হাজাৰ হোৱাটছএপ একাউণ্ট
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল এৰেষ্ট। শেহতীয়া সময়ত চাইবাৰ অপৰাধৰ এই নতুন ধাৰাটোৰ প্ৰতি আশংকা বাঢ়িছে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইণ্ডিয়ান চাইবাৰক্ৰাইম কোঅৰ্ডিনেশ্যন চেন্টাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ দেশতে ১৭০০ ‘সন্দেহজনক’ স্কাইপ আইডি আৰু ৫৯ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত ‘ডিজিটেল এৰেষ্ট’ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এক কাৰ্যসূচীৰো পৰিকল্পনা কৰা হৈছে।

বুধবাৰে লিখিত প্ৰশ্নৰ উত্তৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে ডিজিটেল এৰেষ্ট ৰোধৰ বাবে কেন্দ্ৰই অভিযান চলাব। বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ উপৰিও দিল্লী মেট্ৰ’ত ঘোষণাৰ দৰে বিভিন্ন পৰিকল্পনা কৰা হৈছে।

উল্লেখ্য যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে চলিত মাহতে ডিজিটেল এৰেষ্টৰ সন্দৰ্ভত এক বিস্ফোৰক প্ৰতিবেদন প্ৰকাশ কৰে। এই প্ৰৱঞ্চনাৰ বলি হৈ যোৱা ১০ মাহত সাধাৰণ লোকে ২১৪০ কোটি টকা হেৰুৱাইছে বুলি দাবী কৰা হৈছে।

এই ডিজিটেল জালিয়াতি ভাৰতত থাইলেণ্ড, হংকং, লাওছৰ দৰে কেইবাখনো দেশৰ পৰা চলি আছে। আৰু এই প্ৰৱঞ্চনামূলক ধন দেশৰ লগতে বহিঃৰাষ্ট্ৰৰ বেংকতো জমা হৈ আছে। এই গোচৰৰ তদন্তত ইডিয়ে প্ৰায় ১৫৯ কোটি টকা উদ্ধাৰ কৰিছে। এই সকলোবোৰ ডিজিটেল এৰেষ্টৰ জৰিয়তে উলিয়াই নিয়া হৈছিল। গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰ তৎ পৰ হৈ পৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰৰ অন্তিম দেওবাৰে ১১৫ সংখ্যক ‘মন কি বাত’ ৰেডিঅ’ অনুষ্ঠানতো ইয়াকে লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ডিজিটেল এৰেষ্টৰ জৰিয়তে মানুহৰ কষ্টোপাৰ্জিত ধন যি ধৰণে লৈ যোৱা হৈছে সেয়া বিপজ্জনক বুলিও তেওঁ কৈছিল।

তেওঁৰ ভাষাত “প্ৰৱঞ্চনাকাৰীসকলে ফোনত এনে এক পৰিবেশ সৃষ্টি কৰিছে যে মানুহ ভয় খাইছে। কোৱা হৈছে, তৎক্ষণাত এইটো কৰক, নহ’লে গ্ৰেপ্তাৰ কৰা হ’ব। আচলতে গোটেইটো এক প্ৰৱঞ্চনা।” এনে ঘটনাৰ প্ৰতি অযথা ভয় নকৰাকৈ শীতল মস্তিষ্কৰে ফোন কল ৰেকৰ্ড কৰিবলৈ পৰামৰ্শ দিয়ে মোদীয়ে।

তেওঁ কয়, কোনো চৰকাৰী তদন্তকাৰী সংস্থাই অনলাইনত কাকো সকীয়নি বা ভাবুকি নিদিয়ে। লগতে কোৱা হৈছে যে এনে ফোন আহিলে নেশ্যনেল চাইবাৰ হেল্পলাইনত ফোন কৰিব লাগে। ইয়াৰ পিছতে এই প্ৰৱঞ্চনা ৰোধৰ বাবে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

August 17, 2025 5:52 pm
ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

August 17, 2025 5:52 pm
ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd