NORTHEAST NOW (Assamese)

কোহলীৰ স্থানত টেষ্ট দলত পাটিদাৰঃ পুনৰ উপেক্ষিত ছৰফৰাজ

January 24, 2024 10:08 am · এন ই নাও নিউজ, গুৱাহাটী

অহা ২৫ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিপক্ষে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাত প্ৰথম দুখন টেষ্টৰ পৰা হঠাতে অব্যাহতি লয় ভাৰতৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে। ব্যক্তিগত কাৰণত প্ৰথম দুখন টেষ্টত উপলব্ধ নহ’ব বুলি নিশ্চিত কৰিছে বিচিচিআই- এ।

কোহলীৰ অনুপস্থিতিক লৈ চলিছিল ব্যাপক চৰ্চা। সমান্তৰালভাৱে কোন খেলুৱৈ কোহলীৰ স্থান ল’ব, সেই লৈয়ো জল্পনা-কল্পনা চলিছিল। এই ক্ষেত্ৰত অভিজ্ঞ তাৰকা চেটেশ্বৰ পূজাৰা অথবা আজিংক্যা ৰাহানে আৰু যুৱ তাৰকা ছৰফৰাজ খানৰ নাম প্ৰথমেই আহিছিল অনুৰাগীৰ মনত।

কিন্তু এই জল্পনা-কল্পনাৰ অন্ত পেলাই বিচিচিআই- এ ৰজত পাটিদাৰক প্ৰথম দুখন টেষ্টৰ বাবে দলত অন্তৰ্ভুক্ত কৰে। অৱশ্যে শেহতীয়া প্ৰদৰ্শনৰ ফালৰ পৰা পাটিদাৰৰ অন্তৰ্ভুক্তিক লৈ কোনো প্ৰশ্ন অৱতাৰণৰ থল নাই। বিগত সময়ছোৱাত তেওঁ আগবঢ়াই আহিছে আশানুৰূপ প্ৰদৰ্শন।

বিশেষকৈ যোৱা সপ্তাহত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে ১৫১ ৰাণৰ ইনিংছেৰে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল পাটিদাৰে। লায়ন্সৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচতো পাটিদাৰে ১১১ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলিছিল। সেই সূত্ৰে যুৱ তাৰকাগৰাকীৰ জাতীয় দলৰ পথ মসৃণ হৈ পৰে।

পাটিদাৰৰ অন্তৰ্ভুক্তিয়ে দুই অভিজ্ঞ তাৰকা পূজাৰা-ৰাহানেৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তনক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। শেহতীয়াকৈ ৰঞ্জী ট্ৰফীত ৰাহানে ব্যৰ্থ হ’লেও জিলিকি উঠিছে পূজাৰা। প্ৰথমখন মেচতে পূজাৰাই খেলিছিল এক মাৰাথান দ্বিশতকীয় ইনিংছ।

তদুপৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ২০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰি অভিজ্ঞ বেটাৰগৰাকীয়ে অনন্য কৃতিত্ব অৰ্জন কৰিছিল। এনে স্থিতিত পূজাৰাই পুনৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব পাৰে বুলি চৰ্চা চলিছিল। তদুপৰি ছৰফৰাজ খানৰ সম্ভাৱনীয়তাক লৈয়ো আলোচিত হৈছিল।

বিগত সময়ছোৱাত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ধাৰাবাহিকভাৱে প্ৰদৰ্শন আগবঢ়াই অহাৰ পিছতো ছৰফৰাজে ভাৰতীয় দলত স্থান লাভ নকৰাক লৈ যথেষ্ট বাদ-বিবাদ হৈছে। এইবাৰ সুযোগ পাব বুলি আশা কৰা হৈছিল যদিও মূৰকত পুনৰ অপেক্ষা কৰিবলগীয়া হয় যুৱ তাৰকাগৰাকীয়ে।

Related News