বৈঠক অসম্পূৰ্ণ! : লাডাখ সীমান্তত চীনক প্ৰতিহত কৰিবলৈ প্ৰস্তুত ভাৰতৰ স্থল আৰু বায়ু সেনা!

index.jpg1

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য- ৰয়টাৰ

ভাৰত-চীন সেনাৰ ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ তৃতীয় বৈঠক আধৰুৱা হোৱা বুলি ভাৰতীয় সেনা সূত্ৰই প্ৰকাশ।

গালৱান উপত্যকাৰ পৰা চীনা সৈন্য পিছুৱাই নিবলৈ সন্মত হোৱা নাই চীনে।

ইয়াৰ পিছতে বেইজিঙক যথোচিত প্ৰত্যুত্তৰ দিব পৰাকৈ লাডাখ সীমান্তত ভাৰতে স্থল সেনাৰ লগতে বায়ু সেনাক প্ৰস্তুত কৰিবলৈ সাজু হৈ উঠিছে।

উল্লেখ্য তৃতীয় পৰ্যায়ৰ ক’ৰ কামাণ্ডাৰ বৈঠক অসমাপ্ত হোৱাৰ পিছতে ভাৰতে পাংগং হ্ৰদলৈ এক ডজন উচ্চ ক্ষমতাসম্পন্ন ভাৰতীয় নৌ সেনাৰ ষ্টীল নাও প্ৰেৰণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে।

লগতে পঢ়ক : ভাৰত-চীন সংঘাত : পাংগং হ্ৰদলৈ এক ডজন উচ্চ ক্ষমতাসম্পন্ন নৌ সেনাৰ নাও প্ৰেৰণ কৰিব ভাৰতে

প্ৰণিধানযোগ্য যে, চলিত বৰ্ষৰ এপ্ৰিলৰ পৰাই পাংগং এলেকাত চীনৰ সেনা বাহিনীয়ে খুপনি পুটি বহিছিল। ইতিমধ্যে অঞ্চলটোৰ ফিঙ্গাৰ ৪ৰপৰা ৮লৈকে চীনা সৈন্যই নিজৰ অধীনলৈ নিছে।

পূৰ্বৰে পৰা উক্ত এলেকাটো বিতৰ্কিত তথা ‘গ্ৰে জ’ন’ বুলি দুয়োপক্ষই মানি আহিছে। আৰু দুয়ো পক্ষৰ সেনাই ফিঙ্গাৰ ৪ৰপৰা ৮ লৈ বিগত সময়ত টহলদাৰী কৰি আহিছে।

কিন্তু ইয়াৰ পিছতে ভাৰতীয় সেনাৰ সূত্ৰৰ মতে ফিঙ্গাৰ ৪লৈকে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছে চীনা সৈন্যই।

ক’ৰ কামাণ্ডাৰ বৈঠকত ভাৰতীয় পক্ষৰ পৰা চীনক ফিঙ্গাৰ ৪ৰপৰা পিছুৱাই যাবলৈ প্ৰস্তাৱ দিয়া হৈছিল।

কিন্তু চীনে ফিঙ্গাৰ ৬লৈকে পিছুৱাই যাব পাৰিব তাতকৈ আৰু পিছুৱাই যাব নোৱাৰে বুলি ভাৰতীয় সেনাক চীনা সৈন্যই স্পষ্টকৈ জনাইছে বুলি ভাৰতীয় সেনা সূত্রই প্ৰকাশ কৰিছে।

ইয়াৰ ফলত সীমান্তত পুনৰ দুয়োপক্ষৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।

ভাৰতৰ এই প্ৰস্তাৱ চীন মানি নল’লে ভাৰতে ফিঙ্গাৰ ২তে ভাৰতীয় সীমা আৱদ্ধ হৈ থাকিব। কিন্তু যোৱা দুমাহৰ আগলৈকে ভাৰতীয় সেনাই ফিঙ্গাৰ ৮লৈকে নিয়মীয়া টহলদাৰী কৰি আহিছিল।

ইফালে উপগ্রহীয় চিত্রত গলৱান উপত্যকাৰ ভাৰতীয় ভূখণ্ডৰ বিভিন্ন স্থানত চীনা সৈন্যই সেনাৰ ছাউনী আৰু বাংকাৰ নিৰ্মাণ কৰাৰ ছবি ধৰা পৰিছে।

সেনা সূত্ৰৰ মতে উক্ত অঞ্চলসমূহত চীনা সৈন্যই হেলিপেড নিৰ্মাণৰ প্ৰচেষ্টাও অব্যাহত ৰাখিছে।

চীনৰ এইসমূহ গতি বিধিলৈকে লক্ষ্য কৰি লাডাখৰ ভাৰত-চীন সীমান্তৰ উত্তেজনা সোনকালে নিৰশন হোৱাৰ সম্ভাৱনা নাই বুলি ধাৰণা কৰিছে ভাৰতীয় পক্ষই।

সেয়ে লাডাখ সীমান্তৰ পাহাৰত মোতায়েন কৰা ভাৰতীয় সেনাৰ বাবে বৰ্ষাকালীন পোছাকো যোগান ধৰা হ’ব সেনা সূত্ৰই প্ৰকাশ কৰিছে।