• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰ, কাশ্মীৰকলৈ UNHR মুৰব্বীৰ উদ্বেগ প্ৰকাশ; ‘অযুক্তিকৰ আৰু ভিত্তিহীন’ বুলি দাবী ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2025 12:11 pm
127
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্তৰ মুৰব্বী ভলকাৰ তুৰ্কে ভাৰতৰ কাশ্মীৰ আৰু মণিপুৰৰ সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ উত্তৰত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে দিল্লীৰ স্থিতিৰ দাঙি ধৰিছে। তেওঁ স্পষ্ট ভাষাত কয় যে কাশ্মীৰ আৰু মণিপুৰৰ ওপৰত তুৰ্কৰ মন্তব্য “ভিত্তিহীন”।

জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৫৮ সংখ্যক সাধাৰণ সভাত অংশগ্ৰহণ কৰি দিল্লীয়ে তুৰ্কৰ মন্তব্য সন্দৰ্ভত বিশ্ব মঞ্চত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। ভাৰতৰ হৈ অৰিন্দম বাগচিয়ে কয়, ‘যিহেতু ভাৰতৰ নাম উল্লেখ কৰা হৈছে, গতিকে মই ক’ম যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতৰ এখন সুস্থ, সজীৱ আৰু বহুত্ববাদী সমাজ আছে।’

তেওঁ লগতে কয় যে অযুক্তিকৰ আৰু ভিত্তিহীন মন্তব্যবোৰ বাস্তৱ পৰিস্থিতিৰ পৰা সম্পূৰ্ণ পৃথক। অৰিন্দম বাগচিয়ে কয় যে ‘ভাৰতৰ জনসাধাৰণে আমাৰ বিষয়ে এনে অপ্ৰয়োজনীয় উদ্বেগ বাৰে বাৰে ভুল প্ৰমাণ কৰি আহিছে। ভাৰত আৰু আমাৰ সভ্যতাৰ বৈচিত্ৰ্য আৰু মুকলি নীতিৰ বিষয়ে আমি ভালদৰে বুজিবলৈ আহ্বান জনাম।’

ইফালে কাশ্মীৰ সন্দৰ্ভত তুৰ্কৰ বক্তব্যৰ পৰিপ্ৰেক্ষিতত দিল্লীয়ে কয় যে তেওঁৰ বক্তব্যত কাশ্মীৰ বিষয়টোক ভুলকৈ উপস্থাপন কৰা হৈছে। কাশ্মীৰ শান্তি আৰু উন্নয়নৰ দিশত আগবাঢ়িছে বুলি দিল্লীয়ে কোৱাৰ সময়তে তুৰ্কৰ এই মন্তব্য আহিছে।

অৰিন্দম বাগচিয়ে নিজৰ বক্তব্যত কয় যে, “এই বছৰটো অঞ্চলটোৰ নিৰাপত্তাৰ উন্নতি, প্ৰাদেশিক নিৰ্বাচনত অভিলেখ সৃষ্টি কৰা ভোটাৰৰ ভোটদান, বৃদ্ধি পোৱা পৰ্যটন, আৰু দ্ৰুত আন্তঃগাঁথনি উন্নয়নৰ বাবে উল্লেখযোগ্য আছিল।”

মন কৰিবলগীয়া যে মণিপুৰ সন্দৰ্ভতো তুৰ্কে মন্তব্য কৰিছিল। সেই সন্দৰ্ভত তেওঁ মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁৰ উদ্বেগ খণ্ডন কৰি অৰিন্দম বাগচিয়ে স্পষ্টকৈ কয় যে ভাৰতে ‘ইয়াৰ বিষয়ে ভুল ধাৰণাক বাৰে বাৰে ভুল প্ৰমাণিত কৰি আহিছে’।

উল্লেখ্য যে দিল্লীয়ে জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত দিয়া বক্তব্যৰ সপক্ষে তাত ভোটদানৰ হাৰকো তুলি ধৰিছে। তেওঁ পৰ্যটনৰ বিকাশৰ কথাও তুলি ধৰে। ইপিনে, তুৰ্কৰ প্ৰতিবেদনত ইউক্ৰেইন আৰু গাজাৰ পৰা আফগানিস্তান আৰু আমেৰিকালৈকে সংঘাত আৰু মানৱ অধিকাৰৰ উদ্বেগক তুলি ধৰা হৈছে যদিও পাকিস্তানৰ কথা উল্লেখ কৰা হোৱা নাই।

Recent News

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd