• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2025 7:31 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্ৰুতগতিত পৰিৱৰ্ত্ন হোৱা জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু বৰ্ধিত মানসিক চাপৰ ফলত হৃদযন্ত্ৰৰ সমস্যা দিনক দিনে বৃদ্ধি পাইছে। হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ, যিয়ে তেজৰ জৰিয়তে অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ সমগ্ৰ শৰীৰত প্ৰেৰণ কৰে। কিন্তু বহু সময়ত হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণ ইমানেই মৃদু হয় যে মানুহে সেইবোৰক আওকাণ কৰে। সেয়ে সময়মতে চিকিৎসা সম্ভৱ নহয়। তেনে পৰিস্থিতিত প্ৰশ্ন ওঠে— কোনে কোনে হৃদযন্ত্ৰৰ পৰীক্ষা কৰাব লাগে? কোনবোৰ লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি? চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত জানো আহক।

উল্লেখনীয় যে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত জীৱনশৈলীৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। উচ্চ চৰ্বিযুক্ত আৰু নিমখযুক্ত খাদ্য, ধূমপান, মদ্যপান, মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু মানসিক চাপৰ দৰে কাৰণে হৃদযন্ত্ৰৰ সিৰা সংকীৰ্ণ হ’ব পাৰে। ইয়াৰ ফলত তেজৰ সোঁত লেহেমীয়া হয় আৰু হৃদযন্ত্ৰত পৰ্যাপ্ত অক্সিজেন নাপায়। ফলত হৃদযন্ত্ৰৰ পেশী দুৰ্বল হৈ পৰে আৰু হাৰ্ট এটেক বা হৃদযন্ত্ৰৰ বিকলতাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও উচ্চ কলেষ্টেৰলে হৃদযন্ত্ৰত ব্লকৰ সৃষ্টি কৰিব পাৰে। হৃদযন্ত্ৰৰ সমস্যাৰ কিছুমান সাধাৰণ লক্ষণৰ ভিতৰত আছে— উশাহ লোৱাত অসুবিধা, বুকুৰ বিষ, ভাগৰ, হাত-ভৰি ফুলা, বা মূৰ ঘূৰোৱা। এই লক্ষণসমূহক গুৰুত্ব নিদিলে পৰিস্থিতি ভয়াৱহ হ’ব পাৰে।

Apply Now

কাৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি?

দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ অজিত জৈনৰ মতে, হৃদযন্ত্ৰৰ পৰীক্ষা সকলোৰে বাবে উপকাৰী, কিন্তু কিছুমান বিশেষ গোটৰ লোকৰ বাবে ই অতি জৰুৰী। তেওঁৰ মতে:

৪০ বছৰৰ ওপৰৰ পুৰুষ আৰু ৪৫ বছৰৰ ওপৰৰ মহিলা: এই বয়সৰ লোকে বছৰত এবাৰ হৃদযন্ত্ৰৰ পৰীক্ষা কৰাটো বাধ্যতামূলক, যদিও কোনো লক্ষণ নাথাকে।

উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বা উচ্চ কলেষ্টেৰলৰ ৰোগী: এই ধৰণৰ সমস্যা থকা লোকে নিয়মীয়াকৈ হৃদযন্ত্ৰৰ চেকআপ কৰাব লাগে।

পৰিয়ালৰ হৃদৰোগৰ ইতিহাস: যদি পিতৃ-মাতৃ বা ভাই-ভনীৰ হৃদৰোগৰ ইতিহাস থাকে, তেন্তে সেই পৰিয়ালৰ সদস্যসকলে অধিক সতৰ্ক হ’ব লাগে।

ধূমপান আৰু মদ্যপানৰ অভ্যাস: এই অভ্যাস থকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি, গতিকে তেওঁলোকে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে।

মেদবহুলতা: অত্যধিক ওজন হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বাঢ়ে।

বিশেষজ্ঞসকলৰ মতে হৃদৰোগৰ লক্ষণ কেতিয়াবা মনে মনে বাঢ়ি যায়। গতিকে সময়মতে বিপদ চিনাক্ত কৰি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটোৱেই শ্ৰেষ্ঠ।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষাৰ বাবে কিছুমান সহজ পদক্ষেপ গ্ৰহণ কৰিব পাৰি:

স্বাস্থ্যসন্মত খাদ্য: চৰ্বি আৰু নিমখ কম থকা খাদ্য গ্ৰহণ কৰক। ফল-মূল, শাক-পাচলি আৰু গোটা শস্যৰ ব্যৱহাৰ বৃদ্ধি কৰক।

নিয়মীয়া ব্যায়াম: দৈনিক কমেও ৩০ মিনিট হাঁটক, দৌৰক বা অন্যান্য শাৰীৰিক কাৰ্যকলাপ কৰক।

ধূমপান আৰু মদ্যপান পৰিহাৰ: এই অভ্যাস সম্পূৰ্ণৰূপে বন্ধ কৰক।

নিয়মীয়া পৰীক্ষা: ৰক্তচাপ, কলেষ্টেৰল আৰু চেনিৰ মাত্ৰা নিয়মিত পৰীক্ষা কৰক।

মানসিক চাপ নিয়ন্ত্ৰণ: ধ্যান, যোগাসন বা অন্যান্য শিথিলকৰণ কৌশলৰ জৰিয়তে মানসিক চাপ কমাওক।

পৰ্যাপ্ত নিদ্ৰা: দৈনিক কমেও ৭-৮ ঘণ্টা শুব।

নিয়মীয়া হৃদযন্ত্ৰৰ পৰীক্ষা: বছৰত এবাৰ হ’লেও হৃদযন্ত্ৰৰ চেকআপ কৰাওক।

হৃদৰোগৰ সম্ভাৱনা দিনক দিনে বাঢ়ি অহাৰ সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো অতি জৰুৰী। সময়মতে পৰীক্ষা আৰু সুস্থ জীৱনশৈলীৰ জৰিয়তে হৃদযন্ত্ৰৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি। চিকিৎসকৰ পৰামৰ্শ মানি চলাৰ লগতে সঠিক জীৱনশৈলী গ্ৰহণ কৰি হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিব পৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd