আত্মনিৰ্ভৰশীল ভাৰত: এমাহতে পাঁচ খন দেশলৈ ২৩ লাখ পিপিই কিট ৰপ্তানি

ppe

ক’ৰ’ণা ভাইৰাছে মহা সংহাৰৰ সৃষ্টি কৰা ভাৰতত ক’ৰ’ণাৰ প্ৰথম সংক্ৰমণৰ সময়ত পিপিই কিট প্ৰস্তুত কৰা এটাও প্ৰতিষ্ঠান নাছিল।

যাৰ বাবে প্ৰথম অৱস্থাত দেশ খনে বাহিৰৰ কেইবাখনো দেশৰ পৰা পিপিই কিট আমদানি কৰিবলগীয়া হৈছিল।

আমদানি কৰা তেনে পিপিই কিটৰ সৰহ ভাগেই নিম্ন নামৰ বুলি প্ৰমাণিত হোৱাত তেনে কিট ব্যৱহাৰ নকৰাকৈয়ে পেলাই ৰাখিব লগীয়া হৈছিল। যি কি নহওক, পৰিস্থিতিৰ এতিয়া সলনি ঘটিছে।

ভাৰতে এতিয়া আৰু আনৰ পৰা পিপিই কিট আমদানি কৰিব নালাগে। প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা আত্মনিৰ্ভৰশীল ভাৰতৰ অধীনত ভাৰতে নিজৰ দেশতে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে প্ৰয়োজনীয় পিপিই কিট।

কেৱল সেয়াই নহয়, ভাৰতে এতিয়া বিদেশলৈও ৰপ্তানি কৰিব পৰা হৈছে পিপিই কিট।

স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি কেৱল জুলা মাহতে ভাৰতে বিশ্বৰ পাঁচ খন দেশলৈ ২৩ লাখ টা পিপিই কিট ৰপ্তানিকৰিছে।

ভাৰতে পিপিই কিট ৰপ্তানি কৰা দেশ কেইখন হৈছে ক্ৰমে-আমেৰিকা,ব্ৰিটেইন,সংযুক্ত আৰৱ গণৰাজ্য,শ্লোভেনিয়া আৰু চেনেগাল।

উল্লেখ্য আত্মনিৰ্ভৰশীল ভাৰতৰ অধীনত এতিয়া দেশত প্ৰতিদিনে কমেও তিনি লাখটা পিপিই কিট প্ৰস্তুত কৰা হৈছে।

এই ক্ষেত্ৰত সহায় আগবঢ়াইছে স্বাস্থ্য বিভাগ,ডিআৰডিঅ’কে ধৰি বিভিন্ন প্ৰতিষ্ঠানে।