ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে বৈদেশিক মন্ত্ৰ্যালয়ে? চাওক সৱিশেষ

Indians in Ukrain

ইউক্ৰেইনত যুদ্ধৰ উৎকণ্ঠা, উদ্বিগ্নতাৰ মাজত সময় পাৰ কৰিছে দেশখনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তথা নাগৰিকসকলে। কেনেকৈ ইউক্ৰেইনৰ পৰা তেওঁলোক নিজৰ দেশলৈ উভতি আহিব? এনে বহু চিন্তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা কিছু আশা জগাই তোলা হৈছে।

বৈদেশিক মন্ত্ৰ্যালয়ৰ সচিব হৰ্ষ ভি শ্ৰীংলাই ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰতৰ স্থিতিৰ কথা জনাইছে।

সূত্ৰসমূহৰ মতে ইউক্ৰেইনত প্ৰায় ২০ হাজাৰ ভাৰতীয় লোক আৱদ্ধ হৈ আছে। বৈদেশিক মন্ত্ৰ্যালয়ে স্পষ্ট কৰি দিছে যে তাত থকা ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰা হ’ব।

লগতে পঢ়ক: গুগলত নিৰাপদ আশ্ৰয় বিচাৰক; ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক লুকাই থাকিবলৈ পৰামৰ্শ ভাৰতৰ

বৈদেশিক মন্ত্ৰ্যালয়ে কোনকেইটা দিশত গুৰুত্ব আৰোপ কৰি যুদ্ধভূমিত ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰিছে সেয়া চাওক-

ইপিনে, বৈদেশিক মন্ত্ৰ্যালয়ে ইউক্ৰেইনত থকা ভাৰতীয়সকলক তথ্য আগবঢ়োৱা তথা সহায় কৰাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।

যিকোনো সমস্যাৰ বাবে আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰকেইটা হৈছে-  

1800118797 (Toll free) Phones: +91 11 23012113 +91 11 23014104 +91 11 23017905 ।