NORTHEAST NOW (Assamese)

আজি উজবেকিস্তানৰ বিপক্ষে গুৰুত্বপূৰ্ণ মেচঃ জয়ৰ লক্ষৰে নামিছে ছেত্ৰী বাহিনী

January 18, 2024 8:07 pm · এন ই নাও নিউজ, গুৱাহাটী

শক্তিশালী অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হ’লেও আশাব্যঞ্জক প্ৰদৰ্শনেৰে মন জয় কৰা ভাৰতীয় দ্লে আজি এছিয়ান কাপৰ দ্বিতীয়খন গ্ৰুপ মেচত উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

প্ৰতিযোগিতাৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িবলৈ হ’লে আজিৰ মেচখন ভাৰতৰ বাবে হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ। উল্লেখ্য যে যোৱা ১৪ জানুৱাৰীত প্ৰথমখন মেচত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত ০-২ গ’লত পৰাস্ত হৈছিল।

অৱশ্যে শক্তিশালী দলটোক মেচৰ ৫০ মিনিটলৈকে গল স্ক’ৰ কৰাত বাধা দি ৰখাত সফল হৈছিল ভাৰত। ভাৰতৰ ৰক্ষণ বিভাগে মেচখনত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰিলেও আক্ৰমণ বিভাগ চকুত লগাকৈ বিফল হৈছিল।

গতিকে আজি উজবেকিস্তানৰ বিপক্ষে অধিনায়ক ছেত্ৰী, মনবীৰ, মহেশ, থাপাৰ দৰে খেলুৱৈৰ দায়িত্ব বাঢ়িব। একেদৰে ৰক্ষণতো জিংঘান, আকাশ, ৰাহুলে অষ্ট্ৰেলিয়াৰ বিপক্ষে দেখুওৱাৰ দৰে প্ৰদৰ্শন আশা কৰা হৈছে।

Related News