NORTHEAST NOW (Assamese)

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড

June 25, 2020 8:46 am · এন ই নাও নিউজ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ইয়াৰ ভয়াবহতাৰ ইংগিত বহন কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৬৭৫৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৩০ গৰাকী ৰোগী।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪,৭২,৯৮৫ গৰাকী আৰু মৃত্যু হৈছে ১৪,৯০৬ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ১,৮৬,৩৩৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২,৭১,৬৮৮ গৰাকী ক’ৰ’না মুক্ত হৈছে।

২৪ জুন অৰ্থাৎ বুধবাৰে ১৩,০৮৯ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

ইফালে, ক’ৰ’নাৰ সংহাৰ অব্যাহত আছে মহাৰাষ্ট্ৰ আৰু দিল্লীত। মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ৩৭২১ আৰু দিল্লীত ৩৭৮৮ গৰাকী নতুনকৈ আক্ৰান্ত হৈছে।

Related News