হাইড্ৰ’ক্সিক্লৰ’কুইন ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই ল’লে ভাৰতে

হাইড্ৰক্সিক্লৰ'কুইন, উৎস-ইন্টাৰনেট

ভাৰতে মেলেৰিয়া প্ৰতিৰোধী ঔষধ হাইড্ৰ’ক্সিক্লৰ’কুইনৰ ৰপ্তানিৰ ক্ষেত্ৰত থকা সকলো ধৰণৰ নিষেধাজ্ঞা উঠাই লৈছে।

”এছ ই জেদ/ই অ’ য়ুক বাদে ঔষধ প্ৰস্তুতকাৰী সংস্থা সমূহে ঘৰুৱা বজাৰলৈ মুঠ উৎপাদনৰ ২০ শতাংশ যোগান ধৰিব,” কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়াই এইদৰে কয়।

ভাৰতীয় ঔষধ নিৰ্মাণকাৰী সংস্থা সমূহে দেশত প্ৰয়োজনত কৈ অধিক হাৰত হাইড্ৰ’ক্সিক্লৰ’কুইন প্ৰস্তুত কৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

ক’ৰ’নাৰ ভাইৰাছৰ সংক্ৰমণৰ সময়ত দেশত হ’ব পৰা প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বিগত মাৰ্চ মাহত হাইড্ৰ’ক্সিক্লৰ’কুইনৰ ৰপ্তানি বন্ধ কৰিছিল।

ভাৰতে হাইড্ৰ’ক্সিক্লৰ’কুইনৰ ৰপ্তানি বন্ধ কৰাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফোনো যোগে প্ৰধান মন্ত্ৰী মোদীক হাইড্ৰ’ক্সিক্লৰ’কুইন যোগান ধৰাৰ বাবে অনুৰোধ কৰিছিল।

আমেৰিকাৰ লগতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ো ভাৰতৰ পৰা হাইড্ৰ’ক্সিক্লৰ’কুইন বিচাৰি আবেদন জনাইছিল।

ভাৰতে পৰৱৰ্তী সময়ত আমেৰিকা, ব্ৰাজিলৰ লগতে বিশ্বৰ বহু কেইখন দেশলৈ হাইড্ৰক্সিক্লৰ’কুইনৰ যোগান ধৰিছিল।