এদিনতে প্ৰায় ২৯ হাজাৰ লোক আক্ৰান্ত ক’ৰ’ণা ভাইৰাছত

138231-gagjbayfhr-158402

 

দেশত সোমবাৰেও নিয়ন্ত্ৰণলৈ অহা নাই মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ। পুনে, বাংগালুৰু আদি চহৰত সেয়ে পুনৰ লকডাউন ঘোষণা কৰা হৈছে।দেশৰ কেইবাখনো ৰাজ্যত সম্পূৰ্ণ লকডাউন চলি আছে তথাপি দেশত  বতাহৰ গতিত বাঢ়িছে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ।

২৪ ঘন্টাত দেশত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ২৮,৭০১ গৰাকী। এই সময়ছোৱাত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৫০০ গৰাকী।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানত থকা ভাৰতত  আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৮,৭৯,৪৬৬ গৰাকী।

এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ২৩,১৮৭ গৰাকী লোকৰ।

বৰ্তমান ক’ৰ’ণা  ভাইৰাছত আক্ৰান্ত এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৩০১,৬০৯ গৰাকী।

কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ৫৫৩,৪৭১ গৰাকী।

ৰাজধানী চহৰ নতুন দিল্লীত আক্ৰান্ত হৈছে ১১২৪৯৪ গৰাকী লোক। মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে ২৫৪,৪২৭ গৰাকী লোক।