পাকিস্তানত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত ভাৰত – পাকিস্তানৰ গৃ্হমন্ত্ৰীয়ে আগবঢ়ালে বিস্ফোৰক মন্তব্য।

পঞ্জাৱ আৰক্ষী এ আই জি (চি টি ডি) মেহমুদে জনোৱা মতে, ২০২১ চনৰ ২৩ জুন তাৰিখে নিশা ১১ বজাৰ পিছত লাহোৰৰ জোহৰ টাউনত এটা বিস্ফোৰণ সংঘটিত হয়। প্ৰায় ২০০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা এই বিস্ফোৰণত এখন গাড়ী বিস্ফোৰিত হয়।

যোৱা মঙলবাৰে পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত এখন সংবাদত মেলত পাকিস্তানৰ গৃ্হমন্ত্ৰী ৰাণা ছানাউল্লাহে ভাৰতৰ বিষয়ে আগবঢ়ালে এক বিস্ফোৰক মন্তব্য। তেওঁ কয় যে পাকিস্তানৰ সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপত ভাৰত জড়িত থকাৰ চিন দেখা পোৱা গৈছে। বুধবাৰে পাকিস্তানী সংবাদ মাধ্য দ্য নিউজ ইন্টাৰনেশ্যনেলে বুধবাৰে এটি প্ৰতিবেদনত এই খবৰ প্ৰকাশ কৰিছে।

সংবাদমেলযোগে পাকিস্তানৰ গৃ্হমন্ত্ৰী ৰাণা ছানাউল্লাই কয়, ‘ভাৰতে প্ৰায়ে আন্তঃৰাষ্ট্ৰীয় সমাজক উচটনি দিয়ে আৰু তাৰ পিছত পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হয়। ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে।’

মন্ত্ৰীগৰাকীৰ সৈতে আছিল পঞ্জাৱ আৰক্ষী সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ অতিৰিক্ত মহাপৰিদৰ্শক ইমৰান মেহমুদ। ৰাণা ছানাউল্লাই কয় যে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সাংবাদিকসকলৰ জৰিয়তে পাকিস্তানৰ কাৰ্যকলাপত ভাৰতৰ গোপন এজেণ্ডাৰ কথা সমগ্ৰ বিশ্বৰ আগত উদঙাই দিব।

পাকিস্তানৰ গৃ্হমন্ত্ৰীজনৰ মন্ত্ৰীৰ মতে, যোৱা বছৰ পাকিস্তানত সংঘটিত হোৱা কিছুমান সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত ভাৰত জড়িত আছিল। তাৰে অপৰাধী সকলক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ দায়িত্ব ভাৰতে কিছু পৰিমাণে গ্ৰহণ কৰিছে।

পঞ্জাৱ আৰক্ষী এ আই জি (চি টি ডি) মেহমুদে জনোৱা মতে, ২০২১ চনৰ ২৩ জুন তাৰিখে নিশা ১১ বজাৰ পিছত লাহোৰৰ জোহৰ টাউনত এটা বিস্ফোৰণ সংঘটিত হয়। প্ৰায় ২০০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা এই বিস্ফোৰণত এখন গাড়ী বিস্ফোৰিত হয়। এই বিস্ফোৰণত তিনিজন লোক নিহত হোৱাৰ লগতে ২২জন লোক আহত হয়।

মেহমুদে লগতে কয় যে এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। যিহেতু ই আৱাসিক অঞ্চল আছিল, সেয়েহে তাত গাড়ী আৰু ঘৰৰ যথেষ্ট ক্ষতিসাধন হৈছিল। বিস্ফোৰণৰ লগে লগে সন্ত্ৰাসবাদ বিৰোধী বিভাগে এফআইআৰ ৰুজু কৰি ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা তিনিজনৰ ভিতৰত প্ৰথমজন আছিল পিটাৰ পল ডেভিদ। তেওঁৰ গাড়ীৰ তথ্যৰ জৰিয়তে চিনাক্ত কৰা হৈছিল । পিটাৰ আছিল সন্ত্ৰাসবাদী অভিযানটোৰ তদাৰককাৰী। এই ঘটনাত জড়িত পিটাৰ পল ৰ’ৰ দুজন এজেণ্ট আলী বুদৈশ আৰু বাবলু শ্ৰীবাস্তৱৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগত আছিল।

ইয়াৰ উপৰিও ছাজ্জাদ হুছেইন নামৰ এজন ব্যক্তিয়ে এই ঘটনাৰ লগতে জোহৰ টাউন বিস্ফোৰণতো ডেভিদক সহায় কৰিছিল বুলি মেহমুদে কয়।

পাকিস্তানী চিটিডিৰ এইগৰাকী বিষয়াই কয় যে ইয়াৰ চাৰি-পাঁচ দিনৰ পাছত চিটিডিৰ বিষয়াসকলে আৰু দুজন অপৰাধী ঈদ গুল আৰু তেওঁৰ পত্নী আয়েছা গুলক বিচাৰি পায়। তেওঁ দাবী কৰে যে ডেভিদে বিস্ফোৰণৰ বাবে সাজু হ’বলৈ নিজৰ গাড়ীখন গুলক দিছিল। ইয়াৰ পিছতে গুলে গাড়ীখনত বিস্ফোৰক ৰোপণ কৰে। গুলে দিয়া তথ্যৰ ফলত অৱশেষত আৰক্ষীয়ে ছামি-উল-হকক গ্ৰেপ্তাৰ কৰে।এই ব্যক্তিজনেই হৈছে পাকিস্তানত উক্ত বিস্ফোৰণৰ পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মূল পৰিকল্পনাকাৰী।

মেহমুদে কয় যে অভিযুক্ত ছামি-উল হক ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ সৈতে কমেও ১২ বছৰ ধৰি জড়িত হৈ আছে। মেহমুদে লগতে কয় যে ছামিৰ ভায়েক উজাইৰ আকবৰে তেওঁক সন্ত্ৰাসবাদী কাৰ্যকলাপত সহায় কৰিছিল।

এতিয়া পাকিস্তানৰ গৃ্হমন্ত্ৰীয়ে সংবাদমেলত আগবঢ়োৱা এই বিস্ফোৰক মন্তব্যই চৰ্চা লাভ কৰিছে বিভিন্ন মাধ্যমত।