NORTHEAST NOW (Assamese)

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম মবাইল ফোন নিৰ্মাতা আৰু ৰপ্তানিকাৰী দেশ হৈ পৰিছে। তেওঁ কয় যে ইলেক্ট্ৰনিকছ নিৰ্মাণ আৰু ছেমিকণ্ডাক্টৰ খণ্ডত ধাৰাবাহিকভাৱে হৈ থকা উন্নতিৰ ফলত ভাৰতে বিশ্বব্যাপী যোগান শৃংখলত নিজৰ এক শক্তিশালী পৰিচয় গঢ়ি তুলিছে।

গুজৰাটৰ ছানান্দত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি তেওঁ বহুত সুখী, কাৰণ ২০ বছৰতকৈয়ো অধিক সময়ৰ আগতে তেওঁ গুজৰাটত এটা ছেমিকণ্ডাক্টৰ প্লাণ্ট স্থাপনৰ পৰিকল্পনা কৰিছিল। তেওঁ কয় যে সেই সময়ত গান্ধীনগৰ আৰু প্ৰান্তিজৰ ওচৰত প্ৰায় ৩৫০-৪০০ একৰ মাটি চিনাক্ত কৰা হৈছিল আৰু কিছুমান কোম্পানীৰ সৈতে আলোচনাও কৰা হৈছিল। যদিও ভাৰত চৰকাৰে ডাঙৰ ডাঙৰ ঘোষণা কৰিছিল আৰু কিছুমান কোম্পানী আগবাঢ়ি আহিছিল, কিন্তু কোনো কাৰণত সেই কাম তেতিয়া আগবাঢ়িব নোৱাৰিলে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি যেতিয়া তেওঁ এইবোৰ দেখিছে, তেতিয়া তেওঁৰ ২০-২২ বছৰ পুৰণি সপোন সঁচা হোৱা যেন অনুভৱ হৈছে। সেই সময়ত দেশত ছেমিকণ্ডাক্টৰৰ বিষয়ে কোনেও কথা পতা নাছিল আৰু তেওঁ যেতিয়া এই বিষয়ে কৈছিল, তেতিয়া সংবাদ মাধ্যমত বহুতৰে তেওঁক লৈ ঠাট্টা-মস্কৰা কৰিছিল। তেতিয়া সেই কাম নহলেও এতিয়া এই সপোন সঁচা হোৱাৰ বাবে তেওঁ বহুত সন্তুষ্টি লাভ কৰিছে। তেওঁ লগতে কয় যে কেইসপ্তাহমানৰ আগতে ভাৰতত নিৰ্মিত চি২৯৫ নামৰ এখন বিমানেও ভাদোদৰাত নিজৰ প্ৰথম উৰণ সম্পূৰ্ণ কৰিছিল।

মোদীয়ে কয় যে ভাৰতত ছেমিকণ্ডাক্টৰ উদ্যোগৰ সম্প্ৰসাৰণ হৈছে যোৱা দশকৰ ইলেক্ট্ৰনিকছ বিপ্লৱৰ পৰৱৰ্তী পদক্ষেপ। এইদৰেই ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মবাইল ফোন নিৰ্মাতা আৰু ৰপ্তানিকাৰী দেশলৈ পৰিণত হৈছে। প্ৰথমে সামগ্ৰী, তাৰ পিছত সামগ্ৰীৰ অংশ আৰু এতিয়া ছেমিকণ্ডাক্টৰৰ জৰিয়তে ভাৰতে সম্পূৰ্ণ ইলেক্ট্ৰনিকছ ভেল্যু চেইন গঢ়ি তুলিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এটা সময় আছিল যেতিয়া ভাৰতলৈ চাইকেল বনোৱা কোম্পানী আহিলেও আমি আনন্দ কৰিছিলো, কিন্তু আজি ইয়ালৈ উৰাজাহাজ বনোৱা কোম্পানীবোৰ আহিবলৈ ধৰিছে। বিশ্বৰ ঔদ্যোগিক ইতিহাসৰ কথা উল্লেখ কৰি তেওঁ কয় যে কোনো বিশ্বস্তৰীয় ঔদ্যোগিক শক্তি কেৱল এটা কাৰখানাৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা নাই, ইয়াৰ মূল ভেটি হৈছে ঔদ্যোগিক ক্লাষ্টাৰ।

আমেৰিকাৰ চিলিকন ভেলী, টাইৱানৰ ছিনচু চাইন্স পাৰ্ক আৰু জাপানৰ চিলিকন আইলেণ্ডৰ দৰে ঠাইবোৰে ঔদ্যোগিক ক্লাষ্টাৰৰ গুৰুত্ব প্ৰমাণ কৰে বুলি তেওঁ উল্লেখ কৰে। ছানান্দো এতিয়া একে দিশতেই আগবাঢ়িছে। অহা কেইমাহমানৰ ভিতৰত মাইক্ৰন, কেইন্স আৰু চিজি ছেমিয়ে ইয়াত উৎপাদন আৰম্ভ কৰিব। ইয়াৰ অৰ্থ হল দেশত এক ছেমিকণ্ডাক্টৰ ক্লাষ্টাৰ গঢ় লৈ উঠিছে আৰু বৰ্তমান ইয়াত চিপ পেকেজিঙৰ কামো আৰম্ভ হৈ গৈছে।

 

Related News