• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম'বাইল ফোন নিৰ্মাতা আৰু ৰপ্তানিকাৰী দেশ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 7:38 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম‘বাইল ফোন নিৰ্মাতা আৰু ৰপ্তানিকাৰী দেশ হৈ পৰিছে। তেওঁ কয় যে ইলেক্ট্ৰনিকছ নিৰ্মাণ আৰু ছেমিকণ্ডাক্টৰ খণ্ডত ধাৰাবাহিকভাৱে হৈ থকা উন্নতিৰ ফলত ভাৰতে বিশ্বব্যাপী যোগান শৃংখলত নিজৰ এক শক্তিশালী পৰিচয় গঢ়ি তুলিছে।

গুজৰাটৰ ছানান্দত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি তেওঁ বহুত সুখী, কাৰণ ২০ বছৰতকৈয়ো অধিক সময়ৰ আগতে তেওঁ গুজৰাটত এটা ছেমিকণ্ডাক্টৰ প্লাণ্ট স্থাপনৰ পৰিকল্পনা কৰিছিল। তেওঁ কয় যে সেই সময়ত গান্ধীনগৰ আৰু প্ৰান্তিজৰ ওচৰত প্ৰায় ৩৫০-৪০০ একৰ মাটি চিনাক্ত কৰা হৈছিল আৰু কিছুমান কোম্পানীৰ সৈতে আলোচনাও কৰা হৈছিল। যদিও ভাৰত চৰকাৰে ডাঙৰ ডাঙৰ ঘোষণা কৰিছিল আৰু কিছুমান কোম্পানী আগবাঢ়ি আহিছিল, কিন্তু কোনো কাৰণত সেই কাম তেতিয়া আগবাঢ়িব নোৱাৰিলে।

Apply Now

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি যেতিয়া তেওঁ এইবোৰ দেখিছে, তেতিয়া তেওঁৰ ২০-২২ বছৰ পুৰণি সপোন সঁচা হোৱা যেন অনুভৱ হৈছে। সেই সময়ত দেশত ছেমিকণ্ডাক্টৰৰ বিষয়ে কোনেও কথা পতা নাছিল আৰু তেওঁ যেতিয়া এই বিষয়ে কৈছিল, তেতিয়া সংবাদ মাধ্যমত বহুতৰে তেওঁক লৈ ঠাট্টা-মস্কৰা কৰিছিল। তেতিয়া সেই কাম নহ‘লেও এতিয়া এই সপোন সঁচা হোৱাৰ বাবে তেওঁ বহুত সন্তুষ্টি লাভ কৰিছে। তেওঁ লগতে কয় যে কেইসপ্তাহমানৰ আগতে ভাৰতত নিৰ্মিত চি২৯৫ নামৰ এখন বিমানেও ভাদোদৰাত নিজৰ প্ৰথম উৰণ সম্পূৰ্ণ কৰিছিল।

মোদীয়ে কয় যে ভাৰতত ছেমিকণ্ডাক্টৰ উদ্যোগৰ সম্প্ৰসাৰণ হৈছে যোৱা দশকৰ ইলেক্ট্ৰনিকছ বিপ্লৱৰ পৰৱৰ্তী পদক্ষেপ। এইদৰেই ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ম‘বাইল ফোন নিৰ্মাতা আৰু ৰপ্তানিকাৰী দেশলৈ পৰিণত হৈছে। প্ৰথমে সামগ্ৰী, তাৰ পিছত সামগ্ৰীৰ অংশ আৰু এতিয়া ছেমিকণ্ডাক্টৰৰ জৰিয়তে ভাৰতে সম্পূৰ্ণ ইলেক্ট্ৰনিকছ ভেল্যু চেইন গঢ়ি তুলিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এটা সময় আছিল যেতিয়া ভাৰতলৈ চাইকেল বনোৱা কোম্পানী আহিলেও আমি আনন্দ কৰিছিলো, কিন্তু আজি ইয়ালৈ উৰাজাহাজ বনোৱা কোম্পানীবোৰ আহিবলৈ ধৰিছে। বিশ্বৰ ঔদ্যোগিক ইতিহাসৰ কথা উল্লেখ কৰি তেওঁ কয় যে কোনো বিশ্বস্তৰীয় ঔদ্যোগিক শক্তি কেৱল এটা কাৰখানাৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা নাই, ইয়াৰ মূল ভেটি হৈছে ঔদ্যোগিক ক্লাষ্টাৰ।

আমেৰিকাৰ চিলিকন ভেলী, টাইৱানৰ ছিনচু চাইন্স পাৰ্ক আৰু জাপানৰ চিলিকন আইলেণ্ডৰ দৰে ঠাইবোৰে ঔদ্যোগিক ক্লাষ্টাৰৰ গুৰুত্ব প্ৰমাণ কৰে বুলি তেওঁ উল্লেখ কৰে। ছানান্দো এতিয়া একে দিশতেই আগবাঢ়িছে। অহা কেইমাহমানৰ ভিতৰত মাইক্ৰন, কেইন্স আৰু চিজি ছেমিয়ে ইয়াত উৎপাদন আৰম্ভ কৰিব। ইয়াৰ অৰ্থ হ‘ল দেশত এক ছেমিকণ্ডাক্টৰ ক্লাষ্টাৰ গঢ় লৈ উঠিছে আৰু বৰ্তমান ইয়াত চিপ পেকেজিঙৰ কামো আৰম্ভ হৈ গৈছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd