Hockey World Cup 2023: টাইব্ৰেকাৰত নিউজিলেণ্ডৰ হাতত পৰাজিত হৈ হকী বিশ্বকাপৰ পৰা বাহিৰ হ’ল ভাৰত

India knocked out of Hockey World Cup 2023 ক্ৰছঅ’ভাৰ মেচত নিউজিলেণ্ডৰ হাতত পৰাজিত হৈ ভাৰত হকী বিশ্বকাপৰ পৰা বাহিৰ হৈছে। দেওবাৰে নিৰ্ধাৰিত সময়ত খেলখন অমীমাংসিতভাৱে সমাপ্ত হোৱাৰ লগে লগে খেলখন টাইব্ৰেকাৰত সমাপ্ত হয়। হৰমনপ্ৰীতৰ ভাৰতীয় দলটো নিৰ্ধাৰিত সময়ত বাৰে বাৰে আগবাঢ়ি গৈও গ’ল খাবলগীয়া হৈছিল।

প্ৰথম কোৱাৰ্টাৰত কোনো দলে তেনে গ’ল কৰাৰ সুযোগ নাপালে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে এবাৰ পোৱা সুযোগটো হেৰুৱায়। দ্বিতীয় কোৱাৰ্টাৰৰ ১৭ মিনিটত ললিত উপাধ্যায়ে গ’ল কৰি ভাৰতক আগুৱাই নিছিল।

২৪ মিনিটত সুখজিৎ সিঙে আন এটা গ’ল কৰি ভাৰতক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে। কিন্তু ২৮ মিনিটত ছেম লেনৰ গ’লটোৰে নিউজিলেণ্ড খেলখনলৈ উভতি আহে। ৪০ মিনিটত বৰুণ কুমাৰে ব্যৱধান ৩-১কৰে। নিউজিলেণ্ডৰ হৈ কেন ৰাছেলে ৪৩ তম মিনিটত আৰু ছিন ফাইণ্ডলে ৪৯ মিনিটত গ’ল কৰে।

টাইব্ৰেকাৰত নিউজিলেণ্ডে মেচখন ৫-৪ গ’লত জিকে। বিশ্ব হকী ৰেংকিঙত ভাৰত নিউজিলেণ্ডতকৈ আগবাঢ়ি আছে।

ঘৰুৱা আয়োজক দেশ হিচাপে নক আউট হোৱাৰ বাবে যথেষ্ট হতাশ খেলৰ অনুৰাগীসকল। কোৱাৰ্টাৰ ফাইনেলত নিউজিলেণ্ডে বেলজিয়ামৰ মুখামুখি হ’ব।