COVID-19:ভাৰতে হেৰুৱালে ইয়াৰ প্ৰথমজন আগশাৰীৰ যোদ্ধা

COVID-19: 14 from BSF released from hospital on Wednesday

প্ৰতিনিধিত্বমূলক ফটো

বৃহস্পতিবাৰে ইন্দোৰত মাৰাত্মক কৰ’নাভাইৰাছত এগৰাকী চিকিৎসকে শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে ভাৰতে ইয়াৰ প্ৰথমজন COVID-19ৰ বিৰুদ্ধে যুঁজত প্ৰথমশাৰীৰ স্বাস্থ্যকৰ্মীক হেৰুৱালে।

বাতৰি অনুসৰি, এগৰাকী জেনেৰেল ফিজিচিয়ান ৬২ বছৰীয়া চিকিৎসকগৰাকীৰ দেহত কেইদিনমান পূৰ্বে  COVID-19 পজিটিভ ধৰা পৰিছিল।

তেওঁক প্ৰথমতে গোকুলদাস হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত ইন্দোৰৰ চি এইচ এল এপলো হাস্পাতললৈ স্থানান্তৰ কৰা হৈছিল।

ইয়াৰ পাছত চিকিৎসকগৰাকীক অৰবিন্দ হাস্পাতললৈ প্ৰেৰণ কৰা হয় আৰু তাতেই বৃহস্পতিবাৰে পুৱা ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁ সাধাৰণতে নিম্ন আয়ৰ লোকসকলৰ চিকিৎসা সেৱাত ব্ৰতী আছিল আৰু যদি ৰোগীজনে অসমৰ্থ হয় তেওঁৰ পৰা কোনো চিকিৎসা মাছুল লোৱা নাছিল।

বৰ্তমান ইন্দোৰত কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩জনলৈ বৃদ্ধি পালে।

আনহাতে, চহৰখনত কৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা মুঠ ২১৩ জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে ভাৰতত কৰ’না ভাইৰাছৰ ৫৭৩৪টা আক্ৰান্তৰ ঘটনা নিশ্চিত কৰা হৈছে যাৰ ভিতৰত ১৬৬জন লোকৰ মৃত্যু হৈছে আৰু ৪৭২ জন ৰোগীক সুস্থ হোৱাৰ পাছত যাবলৈ দিয়া হৈছে।

সংক্ৰমণৰ ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে আৰু ৰাজ্য চৰকাৰসমূহে এলানি ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰত চৰকাৰে COVID-19ৰ মহামাৰীটোক কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ প্ৰথমশাৰীৰ কৰ্মীসকলৰ সক্ষমতা গঢ়াৰ বাবে DIKSHAৰ অধীনত এক প্ৰশিক্ষণ ব্যৱস্থাপনা ‘ইন্টিগ্ৰেডেড গভট্  অনলাইন ট্ৰেইনিং’ নামৰ পৰ্টেল মুকলি কৰিছে।

ইয়াত চিকিৎসক,নাৰ্ছ, পেৰামেডিকেল, টেকনিচিয়ান, এ এন এম, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, অসামৰিক প্ৰতিৰক্ষা বিষয়া, এন চি চি, এন এছ এছ, ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটি আৰু স্বেচ্ছাসেৱকক সন্নিৱিষ্ট কৰা হৈছে।