ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিছতে সীমান্তত লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহিছে। উত্তেজনা হ্ৰাস পোৱাৰ স্পষ্ট ইংগিত পোৱা গৈছে। ১২ দিনৰ অন্তত পৰম্পৰাগত প্ৰচলন অনুসৰি আটাৰী-ৱাগাহ সীমান্তত পুনৰ আয়োজন কৰা হ’ল বিটিং ৰিট্ৰিট অনুষ্ঠান। অপাৰেচন সিন্দূৰৰ আৰম্ভণিতে ভাৰতীয় সেনাই পাকিস্তান তথা পাকঅধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰা অভিযানৰ পিছত এই অনুষ্ঠান সাময়িকভাৱে বন্ধ কৰা হৈছিল।
যদিও ১২ দিন পাছত পুনৰ বিটিং ৰিট্ৰিট অনুষ্ঠিত হ’ল, পূৰ্ণ ৰূপে মুকলি কৰা নহ’ল এই অনুষ্ঠান, তাত কিছু নিষেধাজ্ঞা আৰোপ কৰা বুলি জানিব পৰা গৈছে। কেৱল চৰকাৰী বিষয়া, সংবাদমাধ্যম আৰু বিশেষ অনুমতি থকা দৰ্শকসকলহে উপস্থিত থাকিবলৈ অনুমতি লাভ কৰিছিল।
আন দিনত প্ৰথাৰ দৰে বিএছএফ আৰু পাক ৰেঞ্জাৰছৰ মাজত হাত মিলোৱা (হেণ্ডচেক) প্ৰথা আছিল, তাক বৰ্তমান বন্ধ কৰি দিয়া হৈছে। কোনো ধৰণৰ সৌজন্যমূলক কথা-বতৰা হোৱা নাছিল বুলি জানিবি পৰা গৈছে। একে সময়তে আটাৰী-ৱাগাহ সীমান্তও বন্ধ হৈ পৰিছিল। যদিও বুধবাৰৰ পৰা সামান্য পৰিৱর্তনৰ সৈতে পুনৰ বিটিং ৰিট্ৰিট অনুষ্ঠান মুকলি কৰা হ’ব আৰু জনসাধাৰণলৈও দৰ্শনৰ অনুমতি প্ৰদান কৰা হ’ব।
উল্লেখযোগ্য যে, ১৯৫১ চনৰ পৰা নিয়মীয়াকৈ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু পাকিস্তান ৰেঞ্জাৰছৰ মাজত বিটিং ৰিট্ৰিট অনুষ্ঠিত হৈ আহিছে। এই অনুষ্ঠান কেৱল যুদ্ধ পৰিস্থিতিত বা বিশেষ সংকটৰ সময়তেই বন্ধ কৰা হয়। ক’ভিড-১৯ মহামাৰীৰ সময়তো এই অনুষ্ঠান সাময়িকভাৱে বন্ধ কৰা হৈছিল।
সূত্ৰ অনুসৰি অপাৰেচন সিন্দূৰৰ পিছত এই অনুষ্ঠানৰ পুনৰ আৰম্ভ হোৱাটো সীমান্ত অঞ্চলত স্থিতিশীল অৱস্থা ঘূৰি আহিছে বুলি ধৰিব পৰা যায়।বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি বলবৎ হৈ আছে। ১০ মে’ তাৰিখে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এই যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল। তেতিয়া দুয়োখন দেশৰ ডিজিএমঅ’ (DGMO) স্তৰত হটলাইনযোগে কথা পাতিছিল। তাৰ পাছতে ১২ মে’ তাৰিখেও পুনৰ আলোচনা সম্পন্ন হয়। সেনাৰ মতে, এই যুদ্ধবিৰতিত কোনো সময়সীমা নিৰ্ধাৰিত হোৱা নাই। নতুন কোনো উত্তেজনাৰ সৃষ্টি নোহোৱালৈকে যুদ্ধবিৰতি অব্যাহত থাকিব।