NORTHEAST NOW (Assamese)

মহাকাশত ভাৰতে নিৰ্মাণ কৰিব স্পেচ ষ্টেশ্যন; নিৰ্দ্ধাৰিত লক্ষ্যৰ কথা ক’লে ইছৰোৰ মুৰব্বীয়ে

March 5, 2024 8:11 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰতেও মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ (স্পেচ ষ্টেশ্যন) নিৰ্মাণ কৰিব বিচাৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মুৰব্বী এছ সোমনাথে কয় যে ২০৩৫ চনৰ ভিতৰত মহাকাশ কেন্দ্ৰটো মহাকাশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে।

ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰত কেনেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব সেই সন্দৰ্ভত ইছৰোৰ বিজ্ঞানীসকলে কাম আৰম্ভ কৰিছে। ইছৰোৰ মুৰব্বীগৰাকীয়ে ২০৩৫ চনৰ ভিতৰত মহাকাশ কেন্দ্ৰটো কাৰ্যক্ষম হ’ব পাৰে বুলিও আশ্বাস দিয়ে।

এই মহাকাশ কেন্দ্ৰটো নিম্ন কক্ষপথত স্থাপন কৰা হ’ব। ইয়াৰ নাম দিয়া হ’ব ‘ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ’। মহাকাশ কেন্দ্ৰটোত দুইৰ পৰা চাৰিজন মহাকাশচাৰী থকাৰ ব্যৱস্থা কৰা হ’ব।

লগতে পঢ়কঃ উৎকোচৰ বিনিময়ত ভোটদানৰ অভিযোগত ৰেহাই নাপাব সাংসদ-বিধায়কে; ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তিৰুৱানন্তপুৰমৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক উন্নিকৃষ্ণন নায়াৰে কয় যে মহাকাশ কেন্দ্ৰৰ কিছু অংশ ভাৰতৰ অন্যতম গধুৰ ৰকেট ‘বাহুবলী’ আৰু লঞ্চ ভেহিকেল মাৰ্ক ৩ (এল ভি এম ৩)ৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।

ভাৰতৰ মহাকাশ কেন্দ্ৰটো পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ উচ্চতাত থকা কক্ষপথত স্থাপন কৰা হ’ব। এই মহাকাশ কেন্দ্ৰত ‘এষ্ট্ৰ’বায়’লজী’ আৰু ‘মাইক্ৰ’গ্ৰেভিটি’ৰ সৈতে জড়িত বিভিন্ন গৱেষণা কৰা হ’ব। পৃথিৱীৰ দৰেই ইয়াৰ উপগ্ৰহ চন্দ্ৰও বসবাসযোগ্য হয় নে নহয় মহাকাশ কেন্দ্ৰটোত গৱেষণা কৰা হ’ব।

প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে এই মহাকাশ কেন্দ্ৰৰ ওজন ২০ হাজাৰ কিলোগ্ৰামৰ পৰা ৪ লাখ কিলোগ্ৰামলৈকে হ’ব পাৰে। ইছৰোৱে মহাকাশ কেন্দ্ৰৰ বাবেও উন্নত ডকিং বন্দৰ নিৰ্মাণ কৰিব। জৰুৰীকালীন পৰিস্থিতিৰ বাবেও এটা বিশেষ ডকিং পৰ্টৰ সৃষ্টি কৰা হ’ব। মহাকাশ কেন্দ্ৰটোত চাৰিটা মডিউল আৰু কমেও চাৰি যোৰ সৌৰ পেনেল থাকিব পাৰে।

লগতে পঢ়কঃ কাৰাগাৰত সশস্ত্ৰ আক্ৰমণ চলাই ৪ হাজাৰ কয়দীক উলিয়াই নিলে দুৰ্বৃত্তই!

মহাকাশ কেন্দ্ৰটোৰ মূল মডিউলত এনে প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব যিয়ে অক্সিজেন উৎপাদনৰ লগতে কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰিব পৰাকৈ সক্ষম হ’ব। আনকি এই প্ৰযুক্তিৰ সহায়ত নূন্যতম আপেক্ষিক আৰ্দ্ৰতা বজাই ৰখাও সম্ভৱ হ’ব।

Related News