NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ভাৰতলৈ ৰাছিয়াৰ সামৰিক সাহায্য প্ৰেৰণ

April 15, 2022 9:04 am · এন ই নাও নিউজ, গুৱাহাটী

চলিত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভাৰতে ৰাছিয়াৰ পৰা লাভ কৰিছে সামৰিক সাহায্য। ভাৰতলৈ এছ-৪০০ মিছাইল প্ৰণালীৰ সামৰিক সাহায্য প্ৰেৰণ কৰিছে ৰাছিয়াই।

শীৰ্ষ চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, “কোনো সমস্যা নোহোৱাকৈ ৰাছিয়াৰ পৰা সামৰিক সাহায্যৰ যোগান অব্যাহত আছে।”

প্ৰকাশিত সূত্ৰ অনুসৰি, এছ-৪০০ মিছাইল প্ৰণালীৰ এই সাহায্য জাহাজেৰে প্ৰেৰণ কৰা হৈছিল। ইতিমধ্যে এই সাহায্য নিৰ্ধাৰিত স্থানত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই ৪৫ দিন অতিক্ৰম কৰিলে। যুদ্ধৰ বাবে ভাৰতে ৰাছিয়াত নিৰ্মিত সঁজুলিৰ যোগান লাভ কৰা কঠিন হ’ব বুলি আশংকা কৰা হৈছিল।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ভাৰতৰ স্থিতিক লৈ বিশ্ব সম্প্ৰদায়ে ক্ষোভ প্ৰকাশ কৰি আহিছে। এনে সময়তে ৰাছিয়াৰ এই সামৰিক সাহায্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

Related News