দেশত যোৱা ২৪ ঘন্টাত নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; সক্ৰিয় ৰোগীৰ সংখ্যাও পালে হ্ৰাস

corona-india-1584429005-712x375

প্রতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰবল আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ হাৰ পুনৰ কিছু নিম্নগামী হোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩১হাজাৰ ২২২ জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩৮হাজাৰ ৯৪৮ জন লোক।

দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৩০লাখ ৫৮হাজাৰ ৮৪৩জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৯০ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। সোমবাৰে দেশত কেভিডত মৃত্যু হৈছিল ২১৯জন লোকৰ।

দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪১হাজাৰ ৪২জন। দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৪২ হাজাৰ ৯৪২জন।

দেশত এতিয়ালৈকে মুঠ ৩কোটি ২২ লাখ ২৪হাজাৰ ৯৩৭জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৯২হাজাৰ ৮৬৪জন।

ইপিনে, দেশত এতিয়ালৈকে ৬৯কোটি ৯০ লাখ ৬২হাজাৰ ৭৭৬ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আইচিএমআৰৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ১৫ লাখ ২৬হাজাৰ ৫৬টা নমুনা পৰীক্ষা কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ মাজতে কৰ’না পৰিস্থিতি কোনো কাৰণতে উদ্বিগমুক্ত নহয় বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।