দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা প্ৰায় ১৩ শতাংশ হ্ৰাস পাইছে।
আনহাতে, দৈনিক মৃত্যুৰ সংখ্যা পুনৰ পূৰ্বৰ দিনৰ তুলনাত বহুখিনি বৃদ্ধি পাইছে।
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩৮ হাজাৰ ৬২৮ গৰাকী লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪৪ হাজাৰ ৬৪৮ গৰাকী লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৩কোটি ১৮লাখ ৯৫হাজাৰ ৩৮৫গৰাকী।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৬১৭ গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে দেশত ৪৬৪ গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২৭ হাজাৰ ৩৭১গৰাকী লোক।
দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪০হাজাৰ ১৭গৰাকী।
সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ১০লাখ ৫৫ হাজাৰ ৮৬১গৰাকী।
দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ১২হাজাৰ ১৫৩গৰাকী।
দেশত এতিয়ালৈকে ৫০ কোটি ১০লাখ ৯ হাজাৰ ৬০৯ গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। সেইদৰে, যোৱা ২৪ ঘন্টাত কৰ’নাৰ ভেকচিন দিয়া লোকৰ সংখ্যা হৈছেগৈ ৪৯লাথ ৫৫হাজাৰ ১৩৮গৰাকী লোকক।
আনহাতে, আইচিএমআৰৰ তথ্য অনুসৰি যোৱা ২৪ঘন্টাত দেশত ১৭ লাখ ৫০হাজাৰ ৮১টা কৰ’নাৰ নমুনা পৰীক্ষা কৰা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে বুলি সদৰী কৰিছে। ভাৰততো তৃতীয় ঢৌ চলিত মাহতেই আৰম্ভ হোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে।