দেশত পুনৰ বৃদ্ধি পালে দৈনিক মৃত্যুৰ সংখ্যা; মুম্বাইত ডেল্টা প্লাছ আক্ৰান্তৰ মৃত্যু

new varient of corona

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা হ্ৰাস পাইছে যদিও দৈনিক মৃত্যুৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে।

ইয়াৰ মাজতে মুম্বাইত ডেল্টা প্লাছ ভেৰিয়েন্টত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হোৱাৰ খৱৰ আহিছে।

আনহাতে, কৰ্ণাটকত শিশুৰ মাজত সংক্ৰমণৰ হাৰ বৃদ্ধিৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে। ৰাজ্যখনত যোৱা ১০ দিনত ৫৪৩টি শিশু কৰ’নাত আক্ৰান্ত হৈছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪০ হাজাৰ ১২০ গৰাকী লোক। বৃহস্পতিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪১হাজাৰতকৈয়ো অধিক লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৩কোটি ২১লাখ ১৭ হাজাৰ ৮২৬গৰাকী।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫৮৫গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৩০ হাজাৰ ২৫৪গৰাকী লোক।

দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪২হাজাৰ ২৯৫গৰাকী।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ১৩ লাখ ২ হাজাৰ ৩৪৫গৰাকী।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৮৫হাজাৰ ২২৭ গৰাকী।

দেশত এতিয়ালৈকে ৫২ কোটি ৯৫ লাখ ৮২ হাজাৰ ৯৫৬ গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৫৭লাখ ৩১হাজাৰ ৫৭৪গৰাকী লোকক ভেকচিন দিয়া হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ কথা সদৰী কৰিছে। ভাৰততো তৃতীয় ঢৌ চলিত মাহতেই আৰম্ভ হোৱাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।