NORTHEAST NOW (Assamese)

দেশত হ্ৰাস পোৱা নাই কৰ’নাৰ দৈনিক সংক্ৰমণ; সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধিত উদ্বেগ

August 1, 2021 12:29 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাতো সংক্ৰমণৰ ঘটনা হ্ৰাস পোৱা নাই। সেইদৰে দৈনিক মৃত্যুৰ সংখ্যা আজিও পাঁচশৰ ওপৰতে আছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪১ হাজাৰ ৮৩১ গৰাকী লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪১ হাজাৰ ৬৪৯ গৰাকী লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ১৬লাখ ৫৫ হাজাৰ।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫৪১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২৪ হাজাৰ ৩৫১গৰাকী লোক।

দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩৩হাজাৰ ২৫৮গৰাকী।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৮লাখ ২০ হাজাৰ গৰাকী। সুস্থতাৰ হাৰ হৈছে ৯৭.৩৬ শতাংশ।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ১০হাজাৰ ৯৫২গৰাকী।

দেশত এতিয়ালৈকে ৪৭কোটি ২লাখ ৯৮হাজাৰ ৫৯৬গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে বুলি সদৰী কৰিছে। ভাৰততো তৃতীয় ঢৌ আৰম্ভ হোৱাৰ একেবাৰে কাষ পাইছে বুলি কোৱা হৈছে।

দেশত বিগত কেইদিন ধৰি দেশত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে।

কেন্দ্ৰীয় চৰকাৰে দেশৰ ১০খন ৰাজ্যক সতৰ্ক কৰি দিছে। ইয়াৰ ভিতৰত সকলোতকৈ আগত আছে কেৰালা। তদুপৰি, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উৰিষ্যা, বিহাৰৰ দৰে ৰাজ্যকো সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে।

Related News