NORTHEAST NOW (Assamese)

দেশত পুনৰ উৰ্দ্ধগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; কেৰেলাত উদ্বেগজনকভাৱে বৃদ্ধি কোভিড গ্ৰাফ

September 2, 2021 11:18 am · এন ই নাও নিউজ

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ হাৰ পুনৰ উৰ্দ্ধগামী হোৱা দেখা গৈছে। দেশৰ মুঠ আক্ৰান্তৰ সৰহ অংশই হৈছে কেৰেলাৰ।

বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৭হাজাৰ ৯২ জন লোক।

দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ২৮লাখ ৫৭হাজাৰ ৯৩৭জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫০৯ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৩৯হাজাৰ ৫২৯জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩৫ হাজাৰ ১৮১জন।

দেশত এতিয়ালৈকে মুঠ ৩কোটি ২০ লাখ ২৮হাজাৰ ৮২৫জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়য়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৮৯হাজাৰ ৫৮৩জন।

ইপিনে, দেশত এতিয়ালৈকে ৬৬কোটি ৩০ লাখ ৩৭হাজাৰ ৩৩৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৮১ লাখ ৯ হাজাৰ ২৪৪ জন লোকক ভেকচিন দিয়া হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ মাজতে সংক্ৰমণৰ হাৰ পুনৰ উৰ্দ্ধমুখী হোৱাটো চিন্তাৰ কাৰণ হৈ পৰিছে।

আন এক উদ্বেগজনক বিষয় হ’ল দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় ৭০শতাংশই হৈছে কেৰেলাৰ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত মুঠ ৩২হাজাৰ ৮০৩জন লোকক আক্ৰান্ত হৈছে। সেইদৰে ১৭৩ জন লোকৰ মৃত্যু হৈছে।

Related News