দেশত দৈনিক আক্ৰান্তৰ সংখ্যা ৭০হাজাৰলৈ হ্ৰাস; কিন্তু এতিয়াও স্বস্তিদায়ক নহয় মৃত্যুৰ সংখ্যা

index.jpg22

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা বহু নিম্নগামী হোৱা দেখা গৈছে।

আনহাতে, কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনৰ তুলনাত বিশেষ পৰিৱৰ্তন হোৱা নাই আৰু সেইদৰে আৰোগ্যৰ হাৰো হ্ৰাস পাইছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৭০ হাজাৰ ৪২১ জন লোক। বিগত ৭২দিনৰ ভিতৰত এয়া সৰ্বনিম্ন সংক্ৰমণ। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৮০ হাজাৰ ৮৩৪ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৯৫লাখ ১০ হাজাৰ ৪১০জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩হাজাৰ ৯২১জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে দেশত ৩হাজাৰ ৩০৩ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৭৪ হাজাৰ ৩০৫জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ১লাখ ১৯হাজাৰ ৫০১জন। দেওবাৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা আছিল ১লাখ ৩২হাজাৰ ৬২জন।

দেশত এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮১লাখ ৬২হাজাৰ ৯৪৭জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯লাখ ৭৩হাজাৰ ১৫৮জন। দেওবাৰে চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা আছিল ১০লাখ ২৬হাজাৰ ১৫৯জন।

বৰ্তমানলৈ দেশত ২৫কোটি ৪৮ লাখ ৪৯হাজাৰ ৩০১জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।