দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা আৰু নিম্নমুখী হোৱা দেখা গৈছে।
আনহাতে, কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনৰ তুলনাত হ্ৰাস পোৱা দেখা গৈছে আৰু সেইদৰে আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে।
দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৮০ হাজাৰ ৮৩৪ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৮৪ হাজাৰ ৩৩২ জন লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৯৪লাখ ৩৯ হাজাৰ ৯৮৯জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩হাজাৰ ৩০৩জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। শনিবাৰে দেশত ৪হাজাৰ ২জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৭০ হাজাৰ ৩৮৪জন।
যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ১লাখ ৩২হাজাৰ ৬২জন। শনিবাৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা আছিল ১লাখ ২১হাজাৰ ৩১১জন।
আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১০লাখ ২৬হাজাৰ ১৫৯জন। শনিবাৰে চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা আছিল ১০লাখ ৮০হাজাৰ ৬৯০জন।
বৰ্তমানলৈ দেশত ২৫কোটি ৩১ লাখ ৯৫হাজাৰ ৪৮জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।
বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।
আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।