NORTHEAST NOW (Assamese)

Covid-19 Update দেশত কৰ’নাৰ দৈনিক সুস্থতাৰ হাৰে জগাইছে আশা; কমিছে মৃত্যু

November 8, 2021 12:34 pm · এন ই নাও নিউজ, গুৱাহাটী

Covid-19 Update দেশত কোভিড-১৯ৰ তৃতীয়টো ঢৌৰ চৰ্চা চলি থকাৰ মাজতে দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে দৈনিক সুস্থতাৰ হাৰে আশাৰ পোহৰ দেখুৱাইছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১হাজাৰ ৮৫ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১০ হাজাৰ ৮৫৩ জন লোক।

দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত সংখ্যা হৈছেগৈ প্ৰায় ৩কোটি ৪৩লাখ ৬৬হাজাৰ ৯৮৭ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৪৪ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে এই সংখ্যা আছিল ৫২৬জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬ হাজাৰ ৫৭জন।

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১হাজাৰ ২০৪ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে। এয়া বিগত ২০ মাহৰ ভিতৰত সৰ্বোচ্চ বুলি কোৱা হৈছে। দেশত বৰ্তমান সুস্থতাৰ হাৰ হৈছে ৯৮.২৪শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৭লাখ ৬৩ হাজাৰ ১০৪জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৪হাজাৰ ৮২৬জন। এয়া বিগত ২৬ দিনৰ ভিতৰত সৰ্বনিম্ন

বৰ্তমানলৈ দেশত ১০৮ কোটি ৪৭ লাখ ২৩ হাজাৰ ৪২জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ২ লাখ ৮৪ হাজাৰতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাইছে বিশেষজ্ঞসকলে। 

Related News