NORTHEAST NOW (Assamese)

Covid-19 Update: কৰ’নাতংক! দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৪২ হাজাৰ; ৯.২৮ শতাংশলৈ বৃদ্ধি পজিটিভিটিৰ হাৰ

January 8, 2022 10:22 am · এন ই নাও নিউজ, গুৱাহাটী

দেশত পুনৰ কৰ’নাৰ আতংকই সন্ত্ৰস্ত কৰি তুলিছে জনসাধাৰণক। দৈনিক সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰি এদিনতে প্ৰায় ১লাখ ৪২হাজাৰ লোক আক্ৰান্ত হৈছেসেইদৰে দেশত পজিটিভিটিৰ হাৰো প্ৰায় ১০ শতাংশ হ’বলৈ আগবাঢ়িছে

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৪১ হাজাৰ ৯৮৬ জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১লাখ ১৭ হাজাৰ ১০০ জন লোক।

দেশত এদিনতে আক্ৰান্তৰ সংখ্যা ২১.৩ শতাংশ বৃদ্ধি পাইছে।

এতিয়ালৈ দেশত মুঠ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৫৩লাখ ৬৮হাজাৰ ৩৭২জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২৮৫ জন লোকৰ মৃত্যু হৈছে।

লগতে পঢ়ক: Farmer leader slaps BJP MLA: বিজেপি বিধায়কক মঞ্চতেই কাণতলীয়া চৰ শোধালে কৃষক নেতাই

দেশত এতিয়ালৈ কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮৩হাজাৰ ৪৬৩ জন।

দেশত এতিয়ালৈ কৰ’না পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪ লাখ ১২ হাজাৰ ৭৪০ জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে লাখ ৭ হাজাৰ ১৬৯ জন।

দেশত বৰ্তমানলৈকে ১৫০কোটি ৬লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে,  বিগত ২৪ ঘন্টাত মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ৪০হাজাৰ অতিক্ৰম কৰিছেপশ্চিমবংগতো ২৪ ঘন্টাত আক্ৰান্ত হৈছে ১৮,২১৩জন লোক।

লগতে পঢ়ক:Encounter: বিশ্বনাথত পুনৰ সংঘটিত হ’;ল এনকাউন্টাৰৰ ঘটনা; আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া চুজল ওৰফে শিৱা ভূঞা

সেইদৰে দিল্লীত ১৭,৩৩৫জন, তামিলনাডুত ৮,৯৮১ আৰু কৰ্ণাটকত আক্ৰান্ত হৈছে ৮৪৪৯জন লোক।

ইপিনে, অসমত বিগত ২৪ ঘন্টাত ১১৬৭জন লোক কৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যত পজিটিভিটিৰ হাৰ ৩.৩২শতাংশলৈ বৃদ্ধি পাইছে।  

ইপিনে, কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।

Related News