DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন SOPক লৈ কি প্ৰতিক্ৰিয়া অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ? ৰাইজলৈ কি আহ্বান?

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
January 8, 2022 11:08 am
Prastuti Parashar

ফটো: নৰ্থইষ্ট নাও।

225
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ৰাজ্য চৰকাৰে কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা নতুন SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন SOPক আদৰণি জনাইছে প্ৰস্তুতি পৰাশৰে।

কামৰূপৰ বংশৰত আৱাহন থিয়েটাৰৰ নাট প্ৰদৰ্শনীৰ শেষত মন্তব্য কৰি প্ৰস্তুতি পৰাশৰে নতুন SOPক আদৰণি জনায়। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় প্ৰস্তুতি পৰাশৰে।

ৰাইজক সাৱধানতা অৱলম্বন কৰি নাটক চাবলৈ আহিবলৈ আহ্বান জনাইছে ৰাজ্যখনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

উল্লেখ্য যে শুকুৰবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন SOP অনুসৰি সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

লগতে পঢ়ক: Covid-19 Update: কৰ’নাতংক! দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৪২ হাজাৰ; ৯.২৮ শতাংশলৈ বৃদ্ধি পজিটিভিটিৰ হাৰ

সেইদৰে, নিশা ৯ বজাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। গেলামাল, ফল-মূল, গাখীৰ আদিৰ দোকানো নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব।

ৰেষ্টুৰেণ্ট, ধাবা আদি ৫০ শতাংশ গ্ৰাহকেৰে নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব। ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা অনলাইন অৰ্ডাৰৰ খাদ্যৰ যোগান নিশা ১০ বজালৈ চলিব।

সম্পূৰ্ণ ৰূপে টিকাকৰণ নকৰা কোনো কৰ্মচাৰীয়ে চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব। সম্পূৰ্ণ ৰূপে টিকাকৰণ কৰা ১০০ শতাংশ যাত্ৰীৰে চলি থাকিব আন্তঃ জিলা যাতায়াত।

তদুপৰি, কামৰূপ মেট্ৰ’ জিলাত সকলো বিদ্যালয়ত  অষ্টম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ পাঠদান বন্ধ থাকিব। একেদৰে ৰাজ্যৰ আন জিলা সমূহত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ।

লগতে পঢ়ক:Farmer leader slaps BJP MLA: বিজেপি বিধায়কক মঞ্চতেই কাণতলীয়া চৰ শোধালে কৃষক নেতাই

ভৱন আদিত সৰ্বাধিক ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব। বিয়া-সবাহতো ৫০ শতাংশ লোকৰ উপস্থিতিত অনুমোদন জনোৱা হৈছে। ভৱন একোটাত আয়োজিত অনুষ্ঠানত সৰ্বাধিক ২০০ ব্যক্তি উপস্থিত থাকিব পাৰিব।

কোনো ৰাজহুৱা স্থানতে ১৫ জানুৱাৰীৰ পিছত ভেকচিন গ্ৰহণ নকৰা ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। সকলো লোকে ৰাজহুৱা স্থানলৈ আহোতে ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ লগত আনিব লাগিব।

মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, অন্যথা জৰিমনা ভৰিব লাগিব।

মাস্ক নিপিন্ধিলে ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব। একেদৰে ৰাজহুৱা স্থানত থু পেলালে ১০০০ টকাৰ জৰিমনা।

কোনো এটা অঞ্চলত যোৱা সাত দিনত ১০ জনকৈ লোক কোভিডত আক্ৰান্ত হ’লে তেনে অঞ্চলক কণ্টেইমেণ্ট জ’ন বুলি ঘোষণা কৰা হ’ব।

বিহুৰ ক্ষেত্ৰত ৰাতি ভেলা ঘৰত কোনো থাকিব নোৱাৰিব । ১০ বজালৈ খাই বৈ পুৱা ৬ বজাত আহি মেজি জ্বলাব পাৰিব। 

Recent News

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd