Covid-19 Update: দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৬০ হাজাৰ; পজিটিভিটিৰ হাৰ ১০ শতাংশ অতিক্ৰম

Covid test-vaccination

প্রতিনিধিত্বমূলক ফটো।

দেশত পুনৰ কৰ’নাৰ সংক্ৰমণে বিধ্বস্ত কৰি তোলাৰ পথত জনজীৱন। দৈনিক সংক্ৰমণে ভয়ংকৰ ছবি দাঙি ৰি আজি প্ৰায় ১লাখ ৬০হাজাৰ লোক আক্ৰান্ত হৈছে সেইদৰে দেশত পজিটিভিটিৰ হাৰ ১০ শতাংশ অতিক্ৰম কৰিছে

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৫৯ হাজাৰ ৬৩২ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১লাখ ৪১ হাজাৰ ৯৮৬ জন লোক।

বিগত ২৪ ঘন্টাত অকল মুম্বাইতে ২০হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশত কৰ’নাৰ পজিটিভিটিৰ হাৰ ১০.২১ শতাংশলৈ বৃদ্ধি পাইছে।

ইপিনে, দেশত মুঠ অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩হাজাৰ ৬২৩জন। ইয়াৰে ভিতৰত সুস্থ হৈ উঠিছে ১হাজাৰ ৪০৯জন।

লগতে পঢ়ক: বিনা অভিযোগত ৩বছৰ কাৰাবাস খটাৰ পাছত অৱশেষত মুকলি হ’ল ছৌদি আৰৱৰ ৰাজকুমাৰী

এতিয়ালৈ দেশত মুঠ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৫লাখ ৮হাজাৰ জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩২৭ জন লোকৰ মৃত্যু হৈছে।

দেশত এতিয়ালৈ কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮৩হাজাৰ ৭৯০ জন।

দেশত এতিয়ালৈ কৰ’না পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪৪ লাখ ৫৩ হাজাৰ ৬০৩ জন। ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৪০হাজাৰ ৮৬৩জন লোক।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে লাখ ৯০ হাজাৰ ৬১১ জন।

লগতে পঢ়ক:নৱবৰ্ষৰ আৰম্ভণিতে ভাল খবৰ; ৰাষ্ট্ৰীয় কাৰাটেত পদক জয় কলিয়াবৰৰ সাতজনকৈ খেলুৱৈৰ

দেশত বৰ্তমানলৈকে ১৫কোটি ৫৭ লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘন্টাত ৮৯লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

নতুনকৈ আৰম্ভ কৰা ১৫ৰপৰা ১৮ বছৰৰ ভিতৰত দেশত ২কোটি শিশুক ভেকচিন প্ৰদান কৰা হৈছে।

বিগত ২৪ ঘন্টাত দেশত ১৫লাখ ৬৩হাজাৰ ৫৬৩জনৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে।

ইপিনে, অসমত বিগত ২৪ ঘন্টাত ১২৫৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যত পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশলৈ বৃদ্ধি পাইছে।  

লগতে পঢ়ক:‘বুল্লি বাই’ এপৰ মূল অভিযুক্ত অসমৰ নীৰজ বিষ্ণইয়ে দিল্লী আৰক্ষীক দিলে আত্মহত্যাৰ ভাবুকি

ইপিনে, কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।