Covid-19 Update: দেশত সামান্য হ্ৰাস দৈনিক সংক্ৰমণ; তথাপি পজিটিভিটিৰ হাৰ ১০.৬৪ শতাংশ

xomicron-1638083985.jpg.pagespeed.ic.V6wBZ4bo-y

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ সংক্ৰমণে ভীষণ আশংকাৰ সৃষ্টি কৰাৰ মাজতে যোৱা ২৪ ঘন্টাত সামন্য হ্ৰাস পাইছে সংক্ৰমণ তথাপি দেশত এতিয়াও পজিটিভিটিৰ হাৰ ১০.৬৪ শতাংশ। সোমবাৰৰ দিনা পজিটিভিটিৰ হাৰ আছিল ১৩.২৯শতাংশ।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৬৮ হাজাৰ জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১লাখ হাজাৰ ৭২৩ জন লোক।

ইপিনে, দেশত মুঠ অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪হাজাৰ ৪৬১জন। সোমবাৰৰ তুলনাত দেশত সংক্ৰমণৰ হাৰ ৬ শতাংশ হ্ৰাস পাইছে।

এতিয়ালৈ দেশত মুঠ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৫লাখ ৭হাজাৰ ৭৯০জন।

লগতে পঢ়ক: Journalist commits suicide অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰানৰ!

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২৭৭ জন লোকৰ মৃত্যু হৈছে।

দেশত এতিয়ালৈ কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮হাজাৰ ২১৩জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৬৯হাজাৰ ৯৫৯জন লোক। সেইদৰে দেশত এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ লোকৰ সংখ্যা হৈছে ৩কোটি ৪৫লাখ ৭০হাজাৰ ১৩১জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে লাখ ২ হাজাৰ ৪৪৬ জন।

দেশত বৰ্তমানলৈকে ১৫কোটিকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে যাৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৯২লাখ লোকক দিয়া হৈছে ভেকচিন।

ইপিনে, অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ২১৯৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যত পজিটিভিটিৰ হাৰ হৈছে ৪.৪ শতাংশ

লগতে পঢ়ক: Transplant of pig heart into human body চিকিৎসা বিজ্ঞানৰ চমৎকাৰ! মানৱ দেহত গাহৰিৰ কলিজা সফলতাৰে প্ৰতিষ্ঠাপন; গঢ়িলে ইতিহাস

আনহাতে, যোৱা ২৪ ঘন্টাত দেশৰ পাঁচখন ৰাজ্যৰ সংক্ৰমণে উদ্বেগ বৃদ্ধি কৰি তুলিছে। মহাৰাষ্ট্ৰত বিগত ২৪ ঘন্টাত ৩৩হাজাৰ ৪৭০জন লোক আক্ৰান্ত হৈছে।

ইয়াৰে পাছতে যোৱা ২৪ ঘন্টাত পশ্চিমবংগত ১৯হাজাৰ ২৮৬জন, দিল্লীত ১৯হাজাৰ ১৬৬জন, তামিলনাডুত ১৩হাজাৰ ৯৯০জন আৰু কৰ্ণাটকত ১১হাজাৰ ৬৯৮জন লোক আক্ৰান্ত হৈছে।

কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।