Coronavirus: হ্ৰাস পাইছে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ; টিকাকৰণত ক্ষিপ্ৰতা বৃদ্ধি

Corona India.jpg vaccination

প্রতিনিধিত্বমূলক ফটো।

Coronavirus: উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ আৰু নিম্নগামী হোৱাত সকাহ বৃদ্ধি পাইছে। সেইদৰে টিকাকৰণৰ ক্ষেত্ৰতো ক্ষিপ্ৰতা অব্যাহত আছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২৬হাজাৰ ৪১ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ২৮হাজাৰ ৩২৬ জন লোক।

সেইদৰে, দেশত মুঠ কৰ’নাত আক্ৰন্তৰ সংখ্যা হৈছেগৈ ৩কোটি ৩৬লাখ ৭৮হাজাৰ ৭৮৬জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৭৬ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৭হাজাৰ ১৯৪জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২৯হাজাৰ ৬২১জন।

দেশত এতিয়ালৈকে মুঠ ৩কোটি ২৯ লাখ ৩১হাজাৰ ৯৭২জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২লাখ ৯৯হাজাৰ ৬২০জন।

ইপিনে, দেশত এতিয়ালৈকে ৮৬কোটি ১ লাখ ৫৯ হাজাৰ ১১ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৩৮লাখ ১৮হাজাৰ ৩৬২ জন লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে।

ইপিনে, কেৰেলাত সংক্ৰমণৰ হাৰ এতিয়াও উদ্বেগজনক হৈয়ে আছে। বিগত ২৪ ঘন্টাত ৰাজ্যখনত প্ৰায় ১৬হাজাৰ সংক্ৰমণৰ ঘটনা ঘটিছে। সেইদৰে মৃত্যু ঘটিছে ১৬৫জনৰ।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ সংক্ৰমণৰ আশংকা চলি থকাৰ সময়তে ইতিমধ্যে উৎসৱৰ বতৰ আৰম্ভ হৈছে।

আনহাতে, কৰ’না পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নল’বলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে।