দেশত কৰ’নাৰ দৈনিক সংক্ৰমণত স্বস্তি; হ্ৰাস পালে সক্ৰিয় ৰোগীৰ সংখ্যাও

Coronavirus-1-750x375

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ হাৰ যথেষ্ট হ্ৰাস পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩০হাজাৰ ৭৭৩ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩৫হাজাৰ ৬৬২ জন লোক।

দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৩৪লাখ ৪৮হাজাৰ ১৬৩জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩০৯ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। শনিবাৰে দেশত কোভিডত মৃত্যু হৈছিল ২৮১জন লোকৰ।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৪হাজাৰ ৮৩৮জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩৮ হাজাৰ ৯৪৫জন।

দেশত এতিয়ালৈকে মুঠ ৩কোটি ২৬ লাখ ৭১হাজাৰ ১৬৭ জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৩২হাজাৰ ১৫৮জন।

ইপিনে, দেশত এতিয়ালৈকে ৮০কোটি ৪৩লাখ ৭২হাজাৰ ৩৩১জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৮৫লাখ ৪২হাজাৰ ৭৩২জন লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে।

লগতে পঢ়ক: বিশিষ্ট আইনজ্ঞ, জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি

টিকাকৰণৰ সমান্তৰলকৈ কৰ’নাৰ পৰীক্ষাও অব্যাহত আছে। আইচিএমআৰৰ প্ৰতিবেদন অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ১৫লাখ ৫৯হাজাৰটা নমুনা পৰীক্ষা কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ মাজতে কৰ’না পৰিস্থিতি কোনো কাৰণতে উদ্বিগমুক্ত নহয় বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।

আনহাতে, কেৰেলাৰ কৰ’না পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈয়ে আছে। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ১৯ হাজাৰ ৩২৫জন লোক আক্ৰান্ত হৈছে।