Covid-19 Update দেশত পুনৰ উৰ্দ্ধগামী কৰ’নাৰ সংক্ৰমণ; অ’মিক্ৰণ আক্ৰান্ত ৪১৫জনলৈ বৃদ্ধি

Covid-vaccination-2-1

প্রতিনিধিত্বমূলক ফটো।

Covid-19 Update দেশত অমিক্ৰণৰ সংক্ৰমণ উদ্বিগ্নতা বৃদ্ধি কৰি তুলিছে। দেশৰ ১৬খন ৰাজ্যত বিয়পি পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ। তাৰ মাজতে দেশত কৰনাৰ দৈনিক সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ কনাত আক্ৰান্ত হৈছে হাজাৰ ১৮৯জন লোক।

আনহাতে, দেশত এতিয়া অ’মিক্ৰণ আক্ৰান্ত লোকৰ সংখ্যা ৪১৫জনলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ১১৫জন আক্ৰান্ত সুস্থ হৈ উঠিছে।

বিগত ২৪ ঘন্টাত দেশত কৰনাত আক্ৰান্ত হৈ ৩৮৭ জন লোকৰ মৃত্যু হৈছে।

Also Read: মাজ আকাশতে ভাগি পৰিল ভাৰতীয় বায়ুসেনাৰ মিগ-২১ বাইছন; পাইলটৰ মৃত্যু

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰনা আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭ হাজাৰ ৫২০জন।

যোৱা ২৪ ঘন্টাত দেশত কৰনাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ২৮৬ জন লোক সুস্থতাৰ হাৰ ৯৮.৪০ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰনাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪ লাখ ২৩ হাজাৰ ২৬৩জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰনা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৩২জন।

Also Read:ৰাজধানী এক্সপ্ৰেছৰ আৰ্হিত বিদ্যালয়: কৃষ্ণাই আশুডুবি প্ৰাথমিক বিদ্যালয়ে আকৰ্ষিত কৰিছে শৈক্ষিক মহলক

বৰ্তমানলৈ দেশত প্ৰায় ৪১কোটিতকৈয়ো অধিক লোকক কৰনাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে, যোৱা ২৪ ঘন্টাত ১ লাখ ১হাজাৰ ১৯৫জন লোকৰ কোভিড নমুনা পৰীক্ষা কৰা হৈছে।

সামগ্ৰিকভাৱে দেশত কৰনাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অমিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বাঢ়িছে।

ভাৰততকৈব্ৰিটেইন আৰু আমেৰিকাত অ’মিক্ৰণৰ আতংকই ভয়াবহ পৰিস্থিতিৰ ইংগিত দাঙি ধৰিছে। শুকুৰবাৰে ইংলেণ্ডত ১লাখ ২২হাজাৰ ১৮৬জন লোক আক্ৰান্ত হৈছে।

Also Read:কৰ ফাঁকি: সুগন্ধি দ্ৰব্যৰ ব্যৱসায়ীৰ ঘৰত টকাৰ পাহাৰ; জব্দ নগদ ১৭৭কোটি টকা

ইপিনে, দেশত কৰনাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।