NORTHEAST NOW (Assamese)

ভাৰতত ক’ৰ’নাৰ বিস্ফোৰণ; ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড

September 10, 2020 11:47 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৯৫,৭৩৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১১৭২ গৰাকী ৰোগী।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪৪,৬৫,৮৬৪ গৰাকী আৰু মৃত্যু হৈছে ৭৫,০৬২ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ৯,১৯,০১৮ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩৪,৭১,৭৮৩ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

উল্লেখ্য যে কালিৰ দিনটোত ৭২,৯৩৯ গৰাকী লোক ক’ভিডমুক্ত হোৱাৰ কথা জনাইছে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

ইফালে দেশৰ ৰাজধানী দিল্লীত বুধবাৰৰ দিনটোত ৪,০৩৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হয়। ইয়াকে লৈ দিল্লীত আক্ৰান্তৰ সংখ্যা দুই লাখ অতিক্ৰম কৰাৰ লগতে মৃত্যুৰ সংখ্যা ৪,৬৩৮ গৰাকীলৈ বৃদ্ধি পায়।

Related News