দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ১০০০ অতিক্ৰম; ২৪জনৰ মৃত্যু

3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

দেশত কৰ’না ভাইৰাছৰ ত্ৰাস অব্যাহত আছে। প্ৰতিদিনে নতুন নতুন ৰোগীৰ খৱৰ পোহৰলৈ আহিছে। দেশৰ প্ৰায়বোৰ ৰাজ্যতে কৰ’না ৰোগী ধৰা পৰিছে।

বৰ্তমানলৈকে পোৱা খৱৰ অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিছে।

আনহাতে, কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে।

দেশত লকডাউনৰ আজি পঞ্চমটো দিন। বিভিন্ন স্থানত বহু লোক আৱদ্ধ হৈ আছে আৰু ৰাজ্য চৰকাৰসমূহে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

এই আৱদ্ধ হৈ পৰা লোকসকলক নিজ নিজ গাঁৱলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে।

শনিবাৰে ভাৰতত ১৯৪ টা নতুন কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ খৱৰ পোৱা গৈছে। এয়া এতিয়ালৈকে ভাৰতত এদিনত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা।

গোটেই বিশ্বতে প্ৰায় ৩০,০০০ লোক এতিয়ালৈকে কৰ’না ভাইৰাছৰ ফলত মৃত্যুমুখত পৰিছে।

ভাৰতত কেৰালা, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পৰা নতুনকৈ মৃত্যু হোৱা লোকৰ খৱৰ আহিছে।

মহাৰাষ্ট্ৰত এতিয়ালৈকে সৰ্বাধিক ১৮৬টা কৰ’না আক্ৰান্তৰ ঘটনা সংঘটিত হৈছে। শনিবাৰে ৰাজ্যখনত ২৯টা নতুন ঘটনা পোহৰলৈ আহে।

আনহাতে, কেৰালাত ১৮২টা, তেলেংগানাত ৬৭টা আৰু কৰ্ণাটকত ৭৬টা কৰ’না আক্ৰান্ত ৰোগী পোৱা গৈছে।

অসমত এতিয়ালৈকে কোনো Covid-19 পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ অহা নাই।