COVID-19 Update: সাৱধান! দেশত উদ্বেগজনকভাৱে বৃদ্ধি কৰ’ণাৰ দৈনিক সংক্ৰমণ

COVID-19 Update

দেশত কৰ’ণাৰ উৰ্দ্ধগামী সংক্ৰমণে উদ্বেগৰ সৃষ্টি কৰিছে। সোমবাৰে কৰ’ণাৰ সংক্ৰমণ সামান্য হ্ৰাস পোৱাৰ পিছত মঙ্গলবাৰে ভয়াৱহভাৱে বৃদ্ধি পায় সংক্ৰমণ।

আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ কৰ’ণাত আক্ৰান্ত হৈছে ২ লাখ ৮২ হাজাৰ ৯৭০ জন লোক।

সোমবাৰৰ তুলনাত যোৱা ২৪ ঘণ্টাত ক’ভিদ আক্ৰান্তৰ সংখ্যা ১৮ শতাংশ বৃদ্ধি পায়। সোমবাৰে দেশত মুঠ কৰ’ণাত আক্ৰান্ত হৈছিল ২ লাখ ৩৮ হাজাৰ ১৮ জন লোক।

ইপিনে, দেশত মুঠ অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮ হাজাৰ ৯৬১ জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৪৪১ জন লোকৰ মৃত্যু হৈছে। সোমবাৰে এই সংখ্যা আছিল ৩১০ জন।

সামগ্ৰিকভাৱে দেশত মৃত্যু হোৱা কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৪ লাখ ৮৭ হাজাৰ ২০২ জনলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘন্টাত দেশত কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে ১ লাখ ৮৮ হাজাৰ ১৫৭ জন লোক।

দেশত এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৫৫ লাখ ৮৩ হাজাৰ ৩৯ জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১৮ লাখ ৩১ হাজাৰ জন।

দেশত এতিয়ালৈকে ১৫৮.৮৮ কোটিতকৈও অধিক কৰ’ণা ভেকচিনৰ পালি প্ৰদান কৰা হৈছে।

যোৱা ২৪ ঘন্টাত দেশত ১৮.৮৯ লাখতকৈয়ো অধিক লোকৰ কৰ’ণা টেষ্ট কৰা হৈছে। ইয়াৰে ১৫.১৩ শতাংশৰ ৰিপ’ৰ্ট পজিটিভ ধৰা পৰিছে।